ভালে, কুশলে আছে মানস ৰবীন... 
গুৱাহাটী

ভালে, কুশলে আছে মানস ৰবীন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে হঠাৎ অসুস্থ হয় জনপ্ৰিয় কণ্ঠশিল্পী তথা পৰিচালক আৰু প্ৰযোজক মানস ৰবীন। প্ৰচণ্ড মূৰৰ বিষত আক্ৰান্ত হোৱা মানস ৰবীনক তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হয় ইণ্টাৰনেচনেল হাস্পতালত।

যাৱতীয় পৰীক্ষাৰ অন্তত শুকুৰবাৰে মানস ৰবীনৰ চিকিৎসকে অৱশ্যে ঘৰলৈ যাবলৈ দিয়ে। বৰ্তমান প্ৰায় সুস্থ অসমৰ সংগীত জগতৰ হিয়াৰ আমঠু শিল্পীগৰাকী।

অসমীয়া প্ৰতিদিন ডিজিটেলে শিল্পীগৰাকীৰ সৈতে যোগাযোগ কৰাত তেখেতে জানিবলৈ দিয়ে যে, চিকিৎসকে যাৱতীয় পৰীক্ষা সম্পন্ন কৰিছে। কি কাৰণত এই প্ৰচণ্ড মূৰৰ বিষ তেখেতে অনুভৱ কৰিছিল সেয়া পৰীক্ষাসমূহৰ ফলাফল আহিলেহে জানিব পৰা যাব।

তেওঁ অৱশ্য অনুৰাগীসকলক তেওঁৰ স্বাস্থ্যক লৈ উদিগ্ন নহবলৈ আহ্বান জনায়। তেওঁ কয়, বৃহস্পতিবাৰে কিছু অসুস্থতা অনুভৱ কৰিছিলো যদিও বৰ্তমান মই সুস্থ।

উল্লেখযোগ্য যে অসমৰ মাটি আৰু মানুহৰ সৃষ্টিৰে সমৃদ্ধ আৰু জাতীয় চেতনাক প্ৰতিধিত্ব কৰা শিল্পী মানস ৰবীন। তেওঁৰ অসুস্থতাৰ খবৰ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত ৰাজ্যজুৰি যথেষ্ট সংখ্যক অনুৰাগী উদিগ্ন হৈ পৰিছিল।