গুৱাহাটী

মণিকূট প্ৰকাশনৰ নৱতম উপন্যাস 'উত্তৰণ' উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : বিদেশত থাকিও অসমীয়া সাহিত্য চৰ্চা কৰি অহা জনপ্ৰিয় লেখক প্ৰণবেন্দ্ৰ শৰ্মাৰ "উত্তৰণ" নামৰ গ্ৰন্থখন শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়। সম্ভ্ৰান্ত প্ৰকাশন গোষ্ঠী মণিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখন উন্মোচন কৰে প্ৰথিতযশা কথাসাহিত‍্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী, ড৹ তপন কুমাৰ শৰ্মা আৰু জনপ্ৰিয় লেখক আৰু চিকিৎসক ডাঃ শুভ্ৰ কিংকৰ গোস্বামীয়ে ।

সভাত উপস্থিত থকা বহুকেইগৰাকী বিশিষ্ট সাহিত্যসেৱীৰ লগতে গ্ৰন্থপ্ৰেমী লোকৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি ভাষণ প্ৰসংগত তিনিওগৰাকী উন্মোচকে একমুখে স্বীকাৰ কৰে যে, সামাজিক মাধ্যমৰ ধণাত্মক অৱদানৰ ফলতো বহুতো লেখক-লেখিকাৰ নতুনকৈ সৃষ্টি হৈছে। লগতে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে এয়া যথেষ্ট শুভলক্ষণ।

বিদেশত থাকিও সামাজিক মাধ্যমত আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা অৰ্জন কৰা লেখক প্ৰণবেন্দ্ৰ শৰ্মা ইয়াৰ জ্বলন্ত উদাহৰণ বুলি উন্মোচকসকলে ভাষণত উল্লেখ কৰে। অসমত মানৰ আক্ৰমণৰ পৰৱৰ্তীকাল আৰু ভাৰতৰ প্ৰাকস্বাধীনতাৰ মাজৰ সময়চোৱাত সংঘটিত কিছু ঘটনাক্ৰমক ভেটি কৰি ৰচনা কৰা এখন কাল্পনিক উপন্যাস 'উত্তৰণ'ত সামাজিক মাধ্যমৰ জনপ্ৰিয় লেখক প্ৰণবেন্দ্ৰ শৰ্মাই উজনি অসমৰ অসমীয়া গ্ৰাম্য জীৱনৰ এখন বিশেষ ছবিও আঁকিবলৈ সক্ষম হৈছে।

বিভিন্ন গ্ৰন্থ বিপণীৰ লগতে সমাগত বিভিন্ন গ্ৰন্থ মেলাত উপলব্ধ হ'বলগা গ্ৰন্থখনে পঢ়ুৱৈৰ সমাদৰ লভিব বুলি মণিকূট প্ৰকাশনৰ অন্যতম স্বত্বাধিকাৰ মৃণাল কুমাৰ মিশ্ৰই সভাৰ শেষত আশা ব্যক্ত কৰে।