মণিৰাম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন... 
গুৱাহাটী

মণিৰাম জাতীয় বিদ্যালয়ৰ বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি চন্দ্ৰপুৰৰ সমীপৰ মায়ংৰ ঢেকীয়াবাৰীস্থিত "মণিৰাম জাতীয় বিদ্যালয়"ৰ বাৰ্ষিক বঁটা বিতৰণী সভাখনি বিদ্যালয় প্ৰাংগণত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সৎৰাম কলিতাৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়। বিদ্যালয়ৰ অধ্যক্ষ ভূৱনেশ্বৰ ৰাজবংশীয়ে আঁত ধৰা আৰু আদৰণি ভাষণ দিয়া সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য, কবি, সাহিত্যিক দীপক শৰ্মাই অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত তেওঁ কয়- "প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ অধ্যয়ন, অধ্যাৱসায়, নিয়মানুবৰ্তিতা, শ্ৰদ্ধাশীল হ'লে এদিন নিজ লক্ষ্যত উপনিত হ'ব পাৰে। আজিৰ বিদ্যাৰ্থী সমাজে এদিন এজন ভাল মানুহ হম বুলি সপোন দেখিব লাগে। সন্তানক পিতৃ-মাতৃ, অভিভাৱকে যোগাত্মক, সফল হ'বাই এদিন শিকাব লাগে। বিয়োগাত্মক কথা শিকাব নালাগে । সৎ চিন্তা, সৎ কৰ্ম, সৎ সংগই প্ৰতি মানুহক নিজ লক্ষ্যত উপনীত কৰায় ।"

অনুষ্ঠানত বিদ্যালয়ৰ উপাধ্যক্ষ কাকলি কাথাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ উপদেষ্টা বিষ্ণু দাসে সভাত অংশ গ্ৰহণ কৰে ।