গুৱাহাটী

অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে সৰৱ মনোজ ধানোৱাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী : "আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিচতো বিজেপি চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ দাম কমোৱা নাই। ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে অসমত পুনৰ পেট্ৰ'লৰ দাম বৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ সোধাইছে।

দুৰ্গা পূজাৰ আনন্দ উৎসৱৰ মাজতে ভেট বৃদ্ধি কৰি পুনৰ প্ৰতি লিটাৰত ১ টকা ১ পইচাকৈ পেট্ৰ'লৰ দাম বৃদ্ধি কৰিলে। আমি আম আদমী পাৰ্টিয়ে চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছোঁ। "

সোমবাৰে পেট্ৰ'লৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে। চৰকাৰৰ জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ সভাপতি ধানোৱাৰে কয়,-" ইন্ধনজাত সামগ্ৰীৰ দাম বৃদ্ধিৰ লগে লগে সকলোধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি পাব। উৎপাদন আৰু পৰিবহন ব্যয় বৃদ্ধি পাব।

ফলত সাধাৰণ মানুহে দৈনন্দিন জীৱনত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। ৰাজ্য চৰকাৰে সকলো দিশ চালি জাৰি চাই পেট্ৰ'লৰ মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা উচিত। ৰাইজৰ ওপৰত অত্যধিক কৰৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত আপে সমৰ্থন নকৰে। "

তদুপৰি, হাজাৰ হাজাৰ কোটি টকাৰ ঋণৰ বোজা বহন কৰিব নোৱৰা ৰাজ্য চৰকাৰে জনসাধাৰণৰ ওপৰত কৰ সন্ত্ৰাস চলোৱা বুলিও অভিযোগ কৰে মনোজ ধানোৱাৰে। বিগত দিনত ৰাজ্যত দৈনন্দিন প্ৰয়োজনীয় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। মূল্য বৃদ্ধিৰ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগৰ ব্যৰ্থতাৰ বিৰুদ্ধেও সৰৱ হয় আপ, অসমৰ সভাপতি মনোজ ধানোৱাৰ।