গুৱাহাটী

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ বৈঠক...

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী: অসমৰ সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত ৩১ আগষ্ট ২০২৪ত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ এখনি বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকখনি সভাৰ গুৱাহাটী কাৰ্য্যালয়ত অনুষ্ঠিত কৰা হয়।

উক্ত বৈঠকত অসমৰ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰি সংশ্লিষ্ট সকলোলৈকে আহ্বান জনাই এটি প্ৰস্তাৱ লোৱাৰ কথা জানিবলৈ দিয়ে। লগতে উল্লেখ কৰে যে অসমৰ সাম্প্ৰতিক সমস্যাৰ বিষয়ে বহু লোকে ব্যক্তিগতভাৱে সভাক সঘনাই যোগাযোগ কৰি আছে ৷

তাৰোপৰি সভাই অনুভৱ কৰে যে অসমৰ সমস্যাত অসম সাহিত্য সভাই নীৰৱে থকাতো উচিত নহয় ! গতিকে অসম সাহিত্য সভাৰ সন্মানীয় সদস্যসকলে জনসাধাৰণৰ মাজত অসম সাহিত্য সভাৰ স্থিতি প্ৰচাৰ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ 

উল্লেখযোগ্য যে উক্ত বৈঠকখনত কৰ্ণধাৰ সমিতিৰ প্ৰস্তাৱটি আছিল এনেধৰণৰ- অসমত বৰ্তমান সময়ত অব্যাহত থকা অসুস্থ বাতাৱৰণত অসম সাহিত্য সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰি অসমৰ সকলো শ্ৰেণীৰ জনসাধাৰণক আৱেগিক সিদ্ধান্ত নলৈ বিবেকক প্ৰাধান্য দিবলৈ আহ্বান জনায় ৷

সভাই অপৰাধীক জাতি, গোষ্ঠী কিম্বা ধৰ্মৰ ভিত্তিত ভাগ নকৰি কেৱল অপৰাধীৰূপে চিনাক্ত কৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে বুলি বিজ্ঞপ্তিত স্পষ্টকৈ উল্লেখ কৰে ৷ অসমক ক্ষেত্ৰীয় ৰূপেৰে ভাগ নকৰি এক অসম স্থিতিত থাকিবলৈ সকলোকে আহ্বান জনায় ৷

অসমীয়া জনসাধাৰণৰ স্থায়ী সুৰক্ষা আৰু অসমত সুস্থ বাতাৱৰণ বৰ্তাই ৰখাৰ বাবে অসম সাহিত্য সভাই কেইটামান বিষয়ত গুৰুত্ব প্ৰদান কৰি কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায় ৷ 

বিষয়কেইটা তলত উল্লেখ কৰা হ’ল-

  • অসম চুক্তিৰ ৫ নম্বৰ আৰু ৬ নম্বৰ দফা ক্ষীপ্ৰতাৰে কাৰ্য্যকৰণ কৰা ৷

  • অসমত স্থগিত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নিতকৰণৰ কাম পুনৰ আৰম্ভ কৰি ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা ৷

  • অসমত "অসম ৰাজ্য ভাষা আইন ১৯৬০" সকলো স্তৰতে যথাৰ্থভাৱে কাৰ্য্যকৰী কৰা ৷