গুৱাহাটী

বিজুলী কলিতা মেধিৰ সমৰ্থনত মন্ত্ৰী অজন্তা নেওগৰ প্ৰচাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : বিত্তমন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে বিষ্ণুপুৰ বিমলা নগৰ ফিল্ড, ফটাশিল আমবাৰী তিনিআলি ৰং পথাৰ ফিল্ড আৰু জ্যোতিকুচি ধপলিয়া কাৰ্বি ফিল্ডত অনুষ্ঠিত তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে। প্ৰচাৰ সভাত জ্যেষ্ঠা মন্ত্ৰীগৰাকীয়ে গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ সমবেত ৰাইজক আহ্বান জনায়।

'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বাবে কি কৰিছে সেয়া জনতাৰ চকুৰ আগত। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমোলত ভিজপা-মিত্ৰজোঁট চৰকাৰে ৰাইজৰ বাবে যিমান কাম কৰিছে সেয়া পূৰ্বে কাহানিও হোৱা নাছিল।

অসমৰ সচেতন ভোটাৰে সেইবাবে ভাজপা-মিত্ৰজোঁটৰ প্ৰতিগৰাকী প্ৰাৰ্থীক বিপুুল ভোটত জয়যুক্ত কৰিব।'- জনতাৰ বিপুল হৰ্ষধ্বনীৰ মাজত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

লগতে কয়- কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত একেৰাহে তৃতীয়বাৰৰ বাবে এন ডিএই চৰকাৰ গঠন কৰিব। মোদী ভাৰতীয় জনতাৰ সেৱক। তেওঁৰ ওপৰত সকলো প্ৰকৃত ভাৰতীয়ৰ আশিষ আছে। বিৰোধীয়ে যিমানে ষড়যন্ত্ৰ বা অপপ্ৰচাৰ নকৰক, মূৰকত সকলো ব্যৰ্থ হ'ব'। অহা ৪ জুনত এক বৃহৎ উৎসৱৰ বাবে সাজু থাকিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়।

উক্ত সভাত মন্ত্ৰীগৰাকীয়ে 'মোদীৰ তৃতীয়টো কাৰ্যকাল ভাৰত তথা অসমৰ বাবে বিশেষভাৱে স্মৰণীয় হ'ব বুলি উল্লেখ কৰে। অসমত উন্নয়নৰ নতুন যুগৰ সূচনা হ'ব। অসমক ভালপোৱা প্ৰতিগৰাকী ব্যক্তিকেই ভাজপা প্ৰাৰ্থীগৰাকীক ভোট দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, আজিৰ সভাত বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু শিবু মিশ্ৰৰ উপৰি পাৰিষদ ব্ৰিজেশ ৰয়েও বিজুলী কলিতা মেধীৰ সমৰ্থনত প্ৰচাৰ চলায়।