গুৱাহাটী

বিজুলী কলিতা মেধিৰ সমৰ্থনত মন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী: বিত্তমন্ত্ৰী অজন্তা নেওগে দেওবাৰে মালিগাঁও গোশালাৰ মালিবাগান ফিল্ড, ৰেষ্ট কেম্প কালীবাৰী দুৰ্গা মণ্ডপ ফিল্ড আৰু টকৌবাৰী দুৰ্গা মন্দিৰ ফিল্ডত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। জালুকবাৰী সমষ্টিৰ প্ৰভাৰী তথা সাংসদ কামাখ্যা প্ৰসাদ তাছা,পাৰিষদ অৰ্চনা দাস, জালুকবাৰী মণ্ডলৰ সভাপতি কমল দে আৰু বিশ্ববিদ্যালয় মণ্ডলৰ সভাপতি সিদ্ধেশ্বৰ কলিতাই মন্ত্ৰীগৰাকীক প্ৰচাৰ অভিযানত সংগ দিয়ে।

জ্যেষ্ঠা নেত্ৰীগৰাকীৰ প্ৰতিখন সভাতেই বিপুল জনসমাগম হোৱা পৰিলক্ষিত হয়। প্ৰচাৰ সভাত দিয়া ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে জাতি-ধৰ্ম নিৰ্বিশেষে সকলোকে বিপুল হাৰত বিজেপি প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়।

'ভাজপা-মিত্ৰজোঁটৰ প্ৰাৰ্থীক দিয়া প্ৰতিটো ভোট দেশ নিৰ্মানৰ বাবে আপোনালোকৰ অৰিহণা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ দেশত সকলো শ্ৰেণীৰ দ্ৰুত গতিত বিকাশ হৈছে।

আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ সন্মান বাঢ়িছে। ভাৰতৰ উত্থান অব্যাহত ৰাখিবলৈ, মোদীৰ হাততেই পুনৰ দেশ পৰিচালনাৰ ভাৰ অৰ্পন কৰিবলৈ জনতাই সিদ্ধান্ত লৈছে।'- জনতাৰ বিপুল হৰ্ষধ্বনীৰ মাজত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

মোডীৰ নেতৃত্বত ভাৰতত নতুন যুগৰ সূচনা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে 'দেশৰ শত্ৰু'সকলৰ ষড়যন্ত্ৰ আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ জনতাৰ প্ৰতি আহ্বান জনায়। 'ভাৰতক দুুৰ্বল কৰিবলৈ দেশৰ ভিতৰে-বাহিৰে ষড়যন্ত্ৰ চলিছে। প্ৰধানমন্ত্ৰী আৰু আমাৰ দল-চৰকাৰক অপবাদ দিয়াৰ অপচেষ্টা চলিছে।

কিন্তু, আমাৰ চৰকাৰে ৰাইজৰ বাবে কৰা কাম সকলোৰে চকুৰ আগত। সচেতন ভোটাৰ সকলে এই ভাৰত বিৰোধী শক্তিসমূহক ইভিএমত উচিত প্ৰত্যুত্তৰ দিব' বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে।