গুৱাহাটী

হাৱালা চক্ৰৰ পৰা ধন আত্মসাতৰ ঘটনা : আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ ইনফৰমাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : হাৱালা চক্ৰৰ পৰা ধন আত্মসাতৰ ঘটনাৰে নাম সাঙোৰ খোৱা ব্যক্তিৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে। চৰিফ তানোৱাৰ নামৰ আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে। মহানগৰীৰ আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ ইনফৰমাৰ চৰিফক।

জামিৰ খানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৬ লাখ টকা। উল্লেখ্য যে শুকুৰবাৰে ভৰলুমুখ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছিল জামিৰ খানে। এই পৰ্যন্ত আৰক্ষীয়ে ৪৮ লাখ টকা উদ্ধাৰ কৰিছে।

এই ঘটনাৰে জড়িত থকাৰ সন্দেহত বিকি আলী নামৰ লোকজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। স্মৰ্তব্য যে, হাৱালা চক্ৰৰ ধন আত্মসাতৰ ঘটনাৰে নাম সাঙোৰ খাই পৰিছে ভালেকেইগৰাকী আৰক্ষী বিষয়াকে ধৰি সাংবাদিক।

বৃহস্পতিবাৰে হাৱালাৰ ধন আত্মসাৎ কৰি গ্রেপ্তাৰ হৈছিল ভৰলু থানাৰ উপ-পৰিদৰ্শক মোবাৰক আলী আৰু টফিকউদ্দিন নামৰ এজন সাংবাদিক। উক্ত ঘটনাৰে বহুসংখ্য লোক জড়িত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুগৰাকীকৈ আৰক্ষী উপ-পৰিদৰ্শক,সাংবাদিক আৰু আন আন ক্ষেত্ৰৰ লোকে জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।