ৰূপনগৰৰ ভাড়া ঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ... 
গুৱাহাটী

ৰূপনগৰৰ ভাড়া ঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে এজন ব্যক্তিৰ মৃতদেহ। মঙ্গলবাৰে মহানগৰীৰ ৰূপনগৰৰ শংকৰদেৱ পথৰ এটা বাসগৃহত উদ্ধাৰ হৈছে এই ব্যক্তিজনৰ মৃতদেহ। জানিব পৰা মতে উদ্ধাৰ হোৱা মৃতদেহটো পংকজ বৈশ্য নামৰ এজন ব্যক্তিৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, পংকজ বৈশ্য নামৰ এই ব্যক্তিজনৰ প্ৰকৃত ঘৰ নলবাৰীৰ জাগাৰাত। তেওঁ শংকৰদেৱ পথৰ বকুল দৈমাৰী নামৰ এজন লোকৰ ঘৰত যোৱা ৪ বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল। আজি তেওঁৰ এই ভাড়া ঘৰৰ শোৱাপাতিতে উদ্ধাৰ হৈছে মৃতদেহ।

ইফালে পংকজ বৈশ্যৰ পৰিয়ালে উত্থাপন কৰিছে এক গুৰুতৰ অভিযোগ। মৃত পংকজৰ পৰা ঘৰৰ মালিক বকুল দৈমাৰীয়ে ৪০ হাজাৰ টকা ধাৰালৈ লৈছিল। এই ধনক লৈয়ো পৰৱৰ্তী সময়ত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল।

এনে পৰিস্থিতি ৰহস্যজনকভাৱে শোৱা পাতিত আজি পংকজ বৈশ্যৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰাৰ সমান্তৰালকৈ ৰহস্যৰো সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে।