''উদ্যোগ আৰম্ভ কৰিবলৈ ধন নালাগে, লাগে জ্ঞান, চিন্তা আৰু দক্ষতা'': 'নন্দিনী' উদ্যোগী মহিলাৰ মননশীল আলোচনা 
গুৱাহাটী

''উদ্যোগ আৰম্ভ কৰিবলৈ ধন নালাগে, লাগে জ্ঞান, চিন্তা আৰু দক্ষতা'': 'নন্দিনী'ত উদ্যোগী মহিলাৰ মননশীল আলোচনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ''আখৰেৰে মই এটা উদ্যোগ গঢ়িছোঁ। যিটো উদ্যোগৰ পৰা মই গাড়ী লৈছোঁ।যদিও পৰিয়াল চলাব নালাগে তথাপিও মই এটা পৰিয়াল চলাব পাৰোঁ।'' প্ৰতিদিন  ইভেণ্টছ আৰু ষ্টয়িক ষ্টুডিঅ'ৰ উদ্যোগত আৰু টয়টাৰ সহযোগত খানাপাৰাত অনুষ্ঠিত হৈ থকা নন্দিনী শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানৰ দ্বিতীয় দিনৰ এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাহিত্য একাডেমী বঁটা বিজয়ী ঔপন্যাসিক তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীৰ।

বিশিষ্ট লেখিকা তথা নন্দিনীৰ সম্পাদক মাইনী মহন্তই আঁতধৰা এই আলোচনা চক্ৰত অনুৰাধা শৰ্মা পূজাৰীৰ উপৰিও সফল উদ্যোগী হিচাপে প্ৰতিষ্ঠিত হোৱা ড০ সুপৰ্ণা বৰুৱা, ভানু শৰ্মা, অঞ্জলি বৰাই অংশগ্ৰহণ কৰে।

আলোচনা চক্ৰৰ আঁত ধৰোঁতা মাইনী মহন্তই অনুৰাধা শৰ্মা পূজাৰীয়ে নন্দিনীৰ স্মৰণিকাত লিখা 'উপাৰ্জনত হে উৎসৱৰ ৰং থাকে' শীৰ্ষক লেখাৰ শিৰোনামাৰে আৰম্ভ কৰা এই আলোচনা চক্ৰৰ আৰম্ভণিতে অনুৰাধা শৰ্মা পূজাৰীয়ে কয়, পূৰ্বেও অসমৰ মহিলাসকলে স্বামীৰ উপাৰ্জনৰ পৰা কিছু জমা কৰিছিল। সেয়াই আছিল উপাৰ্জন। কিন্তু মহিলাসকলে তেতিয়াও উপাৰ্জন কৰিছিল, সেইবোৰ মূল্যায়ণহে হোৱা নাছিল। কোনো কোনোৱে বিহুৰ বাবে, গা মচিবলৈ গামোচা তৈয়াৰ কৰিছিল, মেখেলা, চাদৰ বৈ পিন্ধিছিল। ফলত স্বামীয়ে এইবোৰ ক্ৰয় কৰিবলৈ ধন দিবলগীয়া হোৱা নাছিল। ক'ব নোৱাৰাকৈয়ে তেওঁলোকে উপাৰ্জন কৰিছিল।

তেওঁ বৰ্তমান নিজেও এটা উদ্যোগ গঢ় দিয়াৰ কথা উল্লেখ কৰি কয়, মই নিজেও আখৰেৰে এটা উদ্যোগ গঢ়িছোঁ। যিটো উদ্যোগৰ পৰা গাড়ী লৈছোঁ। যদিও পৰিয়াল চলাব নালাগে তথাপিও পৰিয়াল চলাব পাৰো। পৰিয়ালৰ কোনোৱে কাম নকৰিলেও মই কিতাপ লিখিয়েই ঘৰ চলাব পাৰিম। য'তেই কাম কৰিছোঁ তাতেই আখৰ বিক্ৰী হৈছে। আখৰো যে বিক্ৰী হয়, আত্মাৰ সৈতে সম্পৰ্কিত হ'লেও এই আখৰে এটা উদ্যোগ গঢ়িব পাৰে সেয়া বিশ্বাস হৈছে।

লগতে তেওঁ কোভিড মহামাৰীৰ পাছত কিতাপ উদ্যোগ সলনি হৈছে বুলিও কয়। এই প্ৰসংগতে মাইনী মহন্তই কয়, কিছুদিন আগতে প্ৰকাশন গোষ্ঠী বনলতাই এখন গ্ৰন্থৰ বাবে তেওঁক ৫০ হাজাৰ আৰু অনুৰাধা শৰ্মা পূজাৰীক এক লাখ টকা আদায় দিছে। ইয়ে প্ৰমাণ কৰে কিতাপৰ উদ্যোগটো ভাল হৈছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰা আই আই ইৰ প্ৰাক্তন সঞ্চালক ড০ সুপৰ্ণ বৰুৱাই নতুন প্ৰজন্মৰ উদ্যোগী মহিলাসকলৰ যিসকলৰ কাম কৰাৰ আগ্ৰহ আছে অথচ পুঁজি নাই তেওঁলোকক উদ্দেশ্যি কয়, বহুতেই ভাবে ধন নহ'লে কি কৰিম? কাম কৰিব পাৰিম নে নাই? বৰ্তমান পৰিৱেশ সলনি হৈছে। সহায় কৰিবলৈ সকলো আগবাঢ়ি আহিছে। চৰকাৰেও যথেষ্ট সহায় কৰিছে। ২০৪৭ ৰ ভিতৰত বিকশিত ভাৰতৰ যি লক্ষ্য লোৱা হৈছে সেই বিকশিত ভাৰতত ৫০ শতাংশ মহিলাক উদ্যোগী তথা সংস্থাপিত কৰাৰ লক্ষ্য লোৱা হৈছে। সেয়েে কাম আৰম্ভ কৰাৰ আগতে কোনেও ভয় কৰিব নালাগে। অসমত এতিয়া আত্মসহায়ক গোটেও এক বিপ্লৱ আৰম্ভ কৰিছে।

তেওঁ কিবা এটা কাম আৰম্ভ কৰাৰ পূৰ্বে নতুনসকলক মূলতঃ তিনিটা চিন্তাৰে আগবাঢ়িবলৈ পৰামৰ্শ আবঢ়ায়। যিটো বিষয়ৰ ওপৰত কাম আৰম্ভ কৰিব সেই বিষয়টোৰ ওপৰত থকা শিক্ষা, ক্ষমতা আৰু চিন্তা। ধনৰ কোনো অভাব নাই। লগতে তেওঁ কয়, কাম এটা আৰম্ভ কৰোঁতেই ধন হাতলৈ নাহে। ধৈৰ্য ধৰিব লাগিব। ৬/৮ মাহ একো নাপাম বুলি ধৰি লৈ কামটো আৰম্ভ কৰিলেহে পৰৱৰ্তী সময়ত সফলতা লাভ কৰিব।

আলোচনা চক্ৰত অংশগ্ৰহণ কৰা বিশিষ্ট উদ্যোগী মহিলা অঞ্জলি শৰ্মাই কিদৰে শূন্যৰ পৰা আৰম্ভ কৰিছিল জাহাজ নিৰ্মাণৰ পৰা খাদ্য উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হৈছে সেই বিষয়ে উল্লেখ কৰে। ২০১০ ত কৰ্কট ৰোগত স্বামীৰ মৃত্যুৰ সময়ত ঋণত ডুবি থকা ঘৰখনত তেওঁ নিজাকৈ কিবা এটা আৰম্ভ কৰিবলৈ হাতত আছিল মাত্ৰ ৬০ হাজাৰ টকা। আভ্যন্তৰীণ জল পৰিবহনৰ জাহাজ নিৰ্মাণৰ কাম কৰা স্বামীয়ে আধৰুৱা কৰি যোৱা জাহাজ নিৰ্মাণৰ কাম অভিজ্ঞতা নোহোৱাকৈয়ে আৰম্ভ কৰি ২০১৫ ত সেই প্ৰকল্প সফলভাৱে সমাপ্তি কৰিবলৈ সক্ষম হৈছিল।

জাহাজ নিৰ্মাণেৰে কাম আৰম্ভ কৰা অঞ্জলি বৰাই শৈশৱৰ পৰাই ৰান্ধি ভালপোৱাৰ বাবেই পৰৱৰ্তী সময়ত ভোট জলকীয়া নামৰ ৰেষ্টুৰেণ্ট গঢ়ি গুৱাহাটীৰ এগৰাকী সুপ্ৰতিষ্ঠিত উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। ইয়াৰোপৰি তেওঁ পানচৈ ৰেষ্টুৰেণ্ট প্ৰতিষ্ঠা কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে। খাদ্য উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰা অঞ্জলি বৰাই এতিয়াও গ্ৰাহকৰ বাবে নিজেই খাদ্য ৰন্ধাৰ কথা উল্লেখ কৰি কাম কৰিবলৈ কেতিয়াও ভয় কৰা নাই বুলি কয়।

তেওঁ কয়, কামলৈ মই ভয় নকৰো। ৰন্ধাটোৱেই মোৰ জীৱিকা। মনত অত্যন্ত সাহস আছে। ভাল কাম কৰিবলৈ ভয় নালাগে। মহিলায়ই ঘৰখন যেনেকৈ চম্ভালে, বাহিৰলৈ ওলাই গ'লেও চম্ভালিব পাৰে। ব্যৱসায়ো চম্ভালিব পাৰে। কামত কষ্ট কৰিবই লাগিবই।

ইফালে সৌন্দৰ্য চৰ্চাক এক উদ্যোগলৈ ৰূপান্তৰ কৰা  ভানু শৰ্মাই তেওঁ কিদৰে ৮০ ৰ দশকতে সৌন্দৰ্য চৰ্চাৰ শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত এক সংগ্ৰামৰ মাজেৰে আহি আজিৰ পৰ্যায়ত উপনীত হৈছে সেই বিষয়ে উল্লেখ কৰিছে। তেওঁ কয়, ১৯৮৪ ত বাইদেউৰ বিয়াৰ সময়ত মই দেখিবলৈ বহুত বেয়া বুলি ভাবিছিলো। মোক ঘৰতো কলি বুলিয়েই মাতিছিল। তাৰ পাছত দিল্ললৈ গৈ এবছৰ সৌন্দৰ্য চৰ্চাৰ শিক্ষা ললো। ৬ মাহ শিকিলো, ৬ মাহ কাম কৰিলো। জাভেদ হাবিব আৰু তেওঁৰ দেউতাকৰ পৰাও শিকিলো।

পিছত অসমলৈ ঘূৰি আহি বহু কাম বিচাৰিলো যদিও নাপালো। মেক আপ, চুলি কাটা একো কাম নাই। এদিন গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰ হ'ব বুলি গম পাই মই গৈ মেকআপ আৰ্টিষ্ট লাগিব নে নাই বুলি সুধিলো। দিল্লীত দূৰদৰ্শনত মই মেকআৰ্টিষ্টৰ কামবোৰ চাই আহিছিলো। কিন্তু তেওঁলোকে মোক অল ইণ্ডিয়া ৰেডিঅ'ত গৈ এই বিষয়ে সুধিবলৈ দিলে। অল ইণ্ডিয়া ৰেডিঅ'ত কিন্তু মোক ভিতৰত সোমাবলৈও নিদিলে।

এইদৰেই ভানু শৰ্মাই তেওঁৰ আৰম্ভণিৰ সংগ্ৰামৰ কথা উল্লেখ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ দূৰদৰ্শনৰ গুৱাহাটী কেন্দ্ৰৰ পৰাই ব্লেক এণ্ড টিভিৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। কেতিয়াও কাম কৰি ভাগৰি নপৰা বুলি উল্লেখ কৰি ভানু শৰ্মাই কয়, মই এতিয়া ৬৬ বছৰীয়া হ'লো। মই দিল্লীৰ পৰা আহি মাক এতিয়াই বিয়া নহওঁ বুলি কৈ, মোক বিয়া দিবৰ বাবে থোৱা টকাখিনিৰ পৰা অলপ টকা দিবলৈ অনুৰোধ জনালো। দাদায়ে মোক তেতিয়া ১০ হাজাৰ টকা দিছিল। তাৰ পৰাই আৰম্ভ কৰিছিলো। এতিয়া মই ইচ্ছা অনুসৰি টকা খৰচ কৰিব পাৰোঁ।

অনুষ্ঠানতে অনুৰাধা শৰ্মা পূজাৰীয়ে নতুন প্ৰজন্মক ভাগ্যবান বুলি উল্লেখ কৰি কয়, আজিৰ প্ৰজন্ম বহু ভাগ্যবান। এতিয়া লাগে কেৱল আইডিয়া। নতুন প্ৰজন্মৰ হাতত সকলো আছে। তেওঁলোকে আলাউদ্দিনৰ চাকি লাভ কৰিছে। অনুষ্ঠানৰ আঁত ধৰোঁতা মাইনী মহন্তই প্ৰসংগক্ৰমে বলিউড অভিনেতা অনুপম খেৰ আৰু ওম পুৰিৰ এটা সাক্ষাৎকাৰত ওম পুৰিয়ে নিজৰ বিষয়ত ,কোৱা এষাৰ কথাৰে আলোচনা সামৰে। তেওঁ কয়, ওম পুৰিয়ৈ কৈছিল- চাহ দোকানত গিলাচ ধোৱা ল'ৰা এটা যদি ওম পুৰি হ'ব পাৰে তেন্তে পৃথিৱীত কোনে কি কৰিব নোৱাৰে?

উল্লেখ্য যে, এই অনুষ্ঠানৰ পূৰ্বে 'নন্দিনী' মেলাৰ এক স্মৰণিকাও উন্মোচন কৰা হয়। অনুৰাধা শৰ্মা পূজাৰী, প্ৰতিদিন টাইমৰ পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী, IOCL বঙাইগাঁৱৰ বিষয়া ৰূপা টাইকন, বি কে সিঙৰ উপৰিও আলোচনা চক্ৰত অংশগ্ৰহণ কৰা মহিলা উদ্যোগী কেইগৰাকীয়ে এই স্মৰণিকা উন্মোচন কৰে। এনে এক সুন্দৰ আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আটায়ে প্ৰতিদিন টাইমৰ সঞ্চালিকা স্মিতাক্ষী বি গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে।