গুৱাহাটী

মহানগৰীত প্ৰায় ১২কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ...

Asomiya Pratidin
  • মহানগৰীত বিশাল পৰিমাণৰ হেৰ'ইন জব্দ।

  • এ পি এছ চি কাৰ্যালয়ৰ সন্মুখত জব্দ কৰা হেৰ'ইনখিনিৰ মূল্য প্ৰায় ১২ কোটিৰো অধিক হ'ব।

  • এ এছ ০১ এফ এন ০৭৩৩ নম্বৰৰ ৱাগনাৰখনৰ পৰা জব্দ কৰা হয় এই হেৰ'ইনখিনি।

  • প্ৰায় ১.৫ কেজি ওজনৰ হেৰ'ইনখিনি কঢ়িয়াই আনিছিল দুজন ব্যক্তিয়ে।

  • জামাল আলি আৰু চেলিমুদ্দিন নামৰ ব্যক্তি দুজনক আটক এছ টি এফৰ।

  • ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা বিশাল পৰিমাণৰ হেৰ'ইন অনাৰ তথ্য আছিল এছ টি এফৰ।

  • এই অভিযানৰ নেতৃত্ব দিছিল এছ টি এফৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে।