১১,৫৯৯ কোটিৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলন্যাস কৰিবলৈ আহি আছে মোডী... 
গুৱাহাটী

১১,৫৯৯ কোটিৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলন্যাস কৰিবলৈ আহি আছে মোডী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুঠ ১১ হাজাৰ ৫৯৯ কোটি টকাৰ প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলন্যাস কৰিবলৈ শনিবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বিজেপিক গতি দিয়াৰ উদ্দেশ্যৰে ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰেও এক বৈঠকত মিলিত হ’ব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি প্ৰধানমন্ত্ৰীৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে অৱগত কৰি শুকুৰবাৰে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শনিবাৰে সন্ধিয়া ৭-৩০ বজাত গুৱাহাটীত আহি উপস্থিত হ'ব। নিশা তেওঁ বিজেপিৰ ক’ৰ কমিটীৰে এক বৈঠকত মিলিত হৈ ৰাজ্যিক অতিথিশালাত নিশা পাৰ কৰিব।

দেওঁবাৰে দিনৰ ১১-৩০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে খানাপাৰা খেলপথাৰত এক ৰাজহুৱা সভা সম্বোধন কৰিব। এই সভাতেই তেওঁ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ ১১ হাজাৰ ৫৯৯ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে শিলন্যাস কৰিব।

এই প্ৰকল্পসমূহৰ ভিতৰত আছে কামাখ্যা ক'ৰিডৰৰ আধাৰশিলা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেল, একেটা বিমান বন্দৰলৈ ছয়লেনযুক্ত পথৰ আধাৰশিলা, অসম মালাৰ দ্বিতীয় সংস্কৰণৰ অধীনত ৪৩ টা পথ। ইয়াৰোপি আছে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ হৃদপিণ্ডস্বৰূপ নেহৰু ষ্টেডিয়ামৰ পুনৰ নিৰ্মাণ প্ৰকল্প, চন্দ্ৰপুৰৰ স্প’ৰ্টছ কমপ্লেক্স, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰক ইউনিটি মললৈ ৰূপান্তৰৰ প্ৰকল্প, গুৱাহাটী চিকিৎ মহাবিদ্যালয় হাস্পতাল প্ৰকল্প আদি।

প্ৰধানমন্ত্ৰীৰ উপস্থিতিতে ৰাজ্য চৰকাৰে অসমৰ ৫ হাজাৰ গৰাকী লাখপতি বাইদেউকো অনুষ্ঠানৰ অংশীদাৰ কৰিব। এই অনুষ্ঠানলৈ তেওঁলোকক ৰাজ্য চৰকাৰে অনাৰ উদ্যোগ গ্ৰহণ কৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে এই সভাত ১ ৰ পৰা ডেৰ লাখ লোকৰ সমাগম হ'ব।

কংগ্ৰেছৰ বাবে যি নিয়মৰ ব্যৱস্থা কৰা হৈছে সেই একেই নিয়ম বিজেপিৰ বাবেও কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, পূৰ্বে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ৰেলী কৰা হৈছিল যদিও এইবাৰ তেনে কোনো ৰেলীৰ ব্যৱস্থা নাথাকিব। নাথাকিব কোনো ৰোডশ্ব'।