গুৱাহাটী

উত্তৰ পূৰ্বাঞ্চলত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ : ৰন্ধন গেছ কঢ়িওৱা পৰিবহণ সংস্থাৰ ধৰ্মঘট

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম আৰু উত্তৰপূৰ্বাঞ্চলত নাটনি হ'ব পাৰে ৰন্ধন গেছৰ। নৰ্থইষ্ট ইণ্ডেন ডিষ্ট্ৰিবিউটৰছ এছচিয়েছনৰ সম্বোধন কৰা এক সংবাদমেলৰ পাছতেই সৃষ্টি হৈছে এই আশংকাৰ। ৰন্ধন গেছ বিতৰণৰ অসুবিধাক লৈ সংবাদমল সম্বোধন সংস্থাটোৰ।

সংবাদমেল সম্বোধন কৰি সংস্থাটোৱে জনাই যে, বিগত কেইবাদিনো ধৰি ভাৰতীয় তেল নিগমৰ ইন্ধন বটলিং প্লান্টৰ পৰা অহা নাই ৰন্ধন গেছ। চিলিণ্ডাৰ কঢ়িওৱা পৰিবহণ সংস্থা চমুকৈ 'নেপটা'ই ধৰ্মঘট কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে বটলিং প্লান্টৰ পৰা ৰন্ধন গেছ কঢ়িওৱা বাহনসমূহ। এই ধৰ্মঘটৰ ফলত অসমকে ধৰি সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ লোকেই সমস্যাৰ সন্মূখীন হ'ব পাৰে। বিগত ২টা দিনে ধৰ্মঘট অব্যাহত ৰাখিছে নেপটা নামৰ পৰিবহণ সংস্থাটোৱে। উল্লেখ্য যে, অনিৰ্দিষ্টকাললৈ ধৰ্মঘটৰ হুংকাৰ দিছে পৰিবহণ সংস্থাটোৱে।

কি কাৰণে পৰিবহণ সংস্থাটোৱে এই ধৰ্মঘট কৰিছে তাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। কিন্তু এনেদৰে ধৰ্মঘট অব্যাহত থাকিলে শীঘ্ৰেই উত্তৰপূৰ্বাঞ্চলত নাটনি হ'ব ৰন্ধন গেছৰ। এই ধৰ্মঘটৰ তীব্ৰ বিৰোধিতা কৰিছে নৰ্থইষ্ট ইণ্ডেন ডিষ্ট্ৰিবিউটৰছ এছচিয়েছনে। ইয়াৰ লগতে সংবাদমেল সম্বোধন কৰি উক্ত সংস্থাটোৱে জনাই যে, এই ধৰ্মঘটৰ ফলত যদি সময়ত গ্ৰাহকক ৰন্ধন গেছ যোগান ধৰিব নোৱাৰে তাৰবাবে ৰন্ধন গেছৰ বিতৰকসকল দায়ী নহ'ব।

উক্ত সংস্থাটোৰ এজন প্ৰতিনিধিয়ে জনোৱা মতে, ভাৰতীয় তেল নিগম আৰু অসম চৰকাৰে এই সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে। পৰৱৰ্তী ২ দিনৰ ভিতৰত এই সমস্যা সমাধান হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।