গুৱাহাটী

ভিন্ন কাৰ্যসূচীৰে আজি উন্মোচন হ'ল “নীল নক্ষত্ৰৰ সুৰ”

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত মণিকূট প্ৰকাশনৰ নৱতম উপন্যাস “নীল নক্ষত্ৰৰ সুৰ” উন্মোচন কৰা হয়। বিশিষ্ট চকু চিকিৎসক ডাঃ শুভ্র কিংকৰ গোস্বামীৰ দ্বাৰা প্ৰণীত এই উপন্যাসখনি উন্মোচনৰ আগে ৬গৰাকী বিশিষ্ট চিকিৎসকক গুৰু বন্দনাৰে প্ৰণিপাত জনাই অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হয়। চিকিৎসক সকল হ'ল ক্ৰমে ডাঃ দুলাল চন্দ্ৰ বৰকটকী, ডাঃ নৰেন্দ্ৰ নাথ বৰ্মন, ডাঃ অলকা গোস্বামী, ডাঃ আতিকুল হুছেইন, ডাঃ প্রতাপ চন্দ্ৰ শৰ্মা আৰু ডাঃ নৰেন্দ্ৰ নাথ দত্ত।

নাৰায়নপুৰৰ ঐতিহাসিক বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী মুনীন্দ্ৰ নাথ মহন্তৰ আশিস বাণীৰে আৰম্ভ কৰা এই গাম্ভীর্যপূর্ণ অনুষ্ঠানটিৰ সভাপতিত্ব কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত চন্দ্ৰ বৈশ্যই। উপন্যাসখনি এক বিশেষ আৰু অনন্য পদ্ধতিৰে উন্মোচন কৰে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰা, সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী আৰু প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্রশান্ত ৰাজগুৰুৱে। আটাইকেইগৰাকী বক্তাই পুথিখনত সন্নিৱিষ্ট বিভিন্ন ঘটনাক্রম আৰু চৰিত্ৰ বিন্যাসৰ ওপৰত আলোকপাত কৰি এনে ভিন্নসূৰী বিষয়বস্তু লৈ লিখা উপন্যাসৰ ভূয়সী প্রসংশা কৰে।

উপন্যাসখনত অসম আন্দোলনৰ পৰা আৰম্ভ কৰি ক'ভিডৰ জীৱনযুদ্ধৰ সাৱলীল বর্ণনাৰে সমৃদ্ধ কৰি তোলা হৈছে । দুটা প্ৰজন্মৰ চিকিৎসকৰ জীৱন আৰু এগৰাকী নাৰীৰ অসামান্য ত্যাগ আৰু ঐশ্বৰিক প্ৰেমৰ অনুৰণন উপন্যাসখনত অনুভূত হৈছে। উন্মোচনী অনুষ্ঠানৰ পিচতেই উপন্যাসখনত সন্নিবিষ্ট বিভিন্ন ঘটনাক্রম আৰু সংযোজিত গীতৰ আধাৰত এখন সংগীতালেখ্য পৰিবেশন কৰা হয়। উপন্যাস পাঠ আৰু অভিনয়ত অংশগ্রহণ কৰে ক্ৰমে ইন্দ্ৰজিৎ দাস, মেল'ডী পাটগিৰি, জ্বলি ভট্টাচাৰ্য, সত্যজিত গগৈ, ঝুনাকংকন ভূঁঞা আদি শিল্পীসকলে।

অনুষ্ঠানটিৰ গীতাংশত অংশগ্ৰহণ কৰে ক্ৰমে পুলক বেনাৰ্জী, তৰালি শৰ্মা, নীলিমা খাটুন, ৰূপম ভূঞা, ডাঃ হিমলিনা গৌতম, ডাঃ শিৱাংগী ৰায়বৰুৱা, নিশিতা পাঠক, শ্যামন্ত গগৈ, ভাস্বতী ৰাজবংশী আদি শিল্পীসকলে। আকর্ষণীয় ভিডিঅ'গ্ৰাফীৰে ভিন্নসূৰী অনুষ্ঠানটিত সহযোগ আগবঢ়াই ঝুলন কৃষ্ণ মহন্তই। অনুষ্ঠানটিত ডাঃ বিজুলী গোস্বামীয়ে ৰচনা কৰা এটি গীতৰো শুভ উন্মোচন কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই প্রকাশক মৃণাল কুমাৰ মিশ্ৰই । উল্লেখ্য যে, অনুষ্ঠানটিৰ আঁত ধৰে ক্ৰমে দীপাঞ্জলী দাস পাঠক আৰু ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে।