গুৱাহাটী

নলবাৰীৰ তন্ত্ৰশঙ্কৰাৰ "শ্ৰীশ্ৰী ক'লীয়া ঠাকুৰ সত্ৰ"ৰ নৱনিৰ্মিত মুখ্যদ্বাৰ উদ্ঘাটন

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী : আনুমানিক ১৫৮৫ খ্ৰীষ্টাব্দত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ উপদেশমৰ্মে শ্ৰীশ্ৰী ৰাম আতাই বৰপেটা সত্ৰৰ‌ পৰা লৈ অনা "অক্ষয় বন্তি"ৰে প্ৰতিষ্ঠা কৰা নলবাৰী জিলাৰ তন্ত্ৰশঙ্কৰাস্থিত "শ্ৰীশ্ৰী ক'লীয়া ঠাকুৰ সত্ৰ" ৰ মুখ্যদ্বাৰ উদঘাটন কৰা হয়। শনিবাৰে শংখ, ঘন্টা, ডবা, কাহ, ভোৰতাল আদি বাদ্য ধ্বনিৰ মাজত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক, প্ৰথিতযশা সাহিত্যিক, আভিধানিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে উদ্ঘাটন কৰে ।

ইয়াৰ পিছতে সত্ৰ প্ৰাঙ্গণত সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি নগেন ডেকাৰ পৌৰহিত্যত এখনি বিশাল ৰাজহুৱা সভা আড়ম্বৰপূৰ্ণ পৰিবেশৰ‌ মাজত‌ অনুষ্ঠিত হয়। সত্ৰৰ সভাপতি বিপিন ডেকা, সম্পাদক হেমন্ত ডেকাই আঁত ধৰা সভাৰ আদ্যতে আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী ডিজেন কাকতিয়ে বৰগীত পৰিৱেশন কৰে।

সভাত ভাষণ দি ভাষাতাত্বিক - সাহিত্যিক ড০ বসন্ত কুমাৰ গোস্বামীয়ে কয়- "দান সকলোৱ দিব নোৱাৰে। হৃদয়ত শ্ৰদ্ধাৰ ভাব থাকিব লাগিব। ওপজা মাটি, পানী, বায়ু কিম্বা পিতৃ -মাতৃ, পূৰ্বপুৰুষৰ দান প্ৰতিৰোধ কৰিব নোৱাৰে।

ইয়াৰ মাজতে, সু-সাহিত্যিক, অগ্ৰণী সাহিত্য অনুষ্ঠানৰ সংগঠক কমল কলিতাই ককাৰ সোঁৱৰণত সত্ৰৰ মূলদ্বাৰ দান কৰি এক মহৎ কাৰ্য কৰিলে। সমাজৰ বাবে ই বৰ‌ যোগাত্মক খবৰ।" ড০ গোস্বামীয়ে আৰু কয়- "অসমীয়া জাতিটোৰ সংস্কৃতিৰ বুনিয়াদ থান-বান হৈ গৈছে। প্ৰতিগৰাকী অসমীয়াই এইক্ষেত্ৰত সচেতন হোৱাৰ দৰ্কাৰ । গুৰুজনাৰ বৰগীত শুদ্ধৰূপত গাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।"

সভাত সাংবাদিক, লেখক দীপক শৰ্মা সংকলিত আৰু সম্পাদিত "তপ্ত শিখা মহিৰাম" উন্মোচন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা মীৰা ডেকাই। সত্ৰৰ মুখ্যদ্বাৰৰ দাতা অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা সাহিত্যিক পেন্সনাৰ কমল কলিতাই প্ৰধান অতিথি হিচাপে অংশ লোৱাৰ লগতে তেওঁক সত্ৰৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং চাদৰ, শৰাই, জাপি, মানপত্ৰ আদিৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন সাহিত্যিক দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য গোবিন্দ কলিতা, নলবাৰী কলেজৰ প্ৰাক্তন উপাধ্যক্ষ দীপক কলিতা, বিশিষ্ট সমাজকৰ্মী ফণীধৰ ডেকা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অংশগ্ৰহণ কৰে।