সুস্থিৰ হ'লেও এতিয়াও সংকতমুক্ত হোৱা নাই পদ্মশ্ৰী এলী আহমেদ... 
গুৱাহাটী

সুস্থিৰ হ'লেও এতিয়াও সংকতমুক্ত হোৱা নাই পদ্মশ্ৰী এলী আহমেদ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰবীণ কবি, সাহিত্যিক, শিল্পী তথা অৰ্ধ শতিকা পাৰ কৰা মহিলা আলোচনী 'ওৰণি' আলোচনীৰ সম্পাদক, পদ্মশ্ৰী এলী আহমেদৰ শাৰীৰিক অৱস্থাৰ সামাণ্য উন্নতি ঘটিছে। এটা চকুৰ অস্ত্ৰোপচাৰৰ পিছত চানমাৰিস্থিত হাউচিং কলনীৰ বাসভৱনত বাগৰি পৰি যথেষ্ট আঘাতপোৱা বিশিষ্টা মহিলাগৰাকীক ছয়মাইলস্থিত ৰহমান হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল যদিও আজি তেওঁক ৰিকভাৰী কেবিনলৈ স্থানান্তৰ কৰা হৈছে।

ঘৰত বাগৰি পৰোঁতে হাত, ভৰি আৰু মূৰত আঘাত পোৱা বৰ্ষীয়ান লেখিকাগৰাকীৰ মগজুত ৰক্ষক্ষৰণ অথবা হাত, ভৰি ভগাৰ দৰে গুৰুত্বৰ অথন্তৰ নহ'লেও কিছু পৰিমাণ স্মৃতি বিভ্ৰম আৰু স্নায়ু জনিত কাৰণতে দুয়োখন ভৰি অচলপ্ৰায় হৈ পৰিছে। অৱশ্যে তেওঁৰ হৃদযন্ত্ৰ, তেজৰ হিম'গল্বিন, চডিয়াম, পটাছিয়াম, ব্লাড চুগাৰ আদি স্বাভাৱিক অৱস্থাত আছে।

কিন্তু বাৰ্ধক্যজনিত কাৰণতেই শ্বাস প্ৰশ্বাস স্বাভাৱিক অৱস্থাত ৰাখিবলৈ তেওঁক কৃত্ৰিমভাৱে মৃদু পৰিমাণে অক্সিজেন প্ৰদান কৰি থকা হৈছে। তদুপৰি এখন হাতত পোৱা আঘাতৰ বাবে তেওঁক প্লাষ্টাৰৰ পৰিৱৰ্তে ক্ৰেপ বেণ্ডেজ দিয়াৰ উপৰি নিয়মীয়াকৈ ফিজিঅ' থেৰাপিষ্টে নিয়মীয়াকৈ যত্ন লৈ আছে।

অৱশ্যে নিৰন্তৰ তেওঁক চোৱাচিতা আৰু তেওঁৰ আৱদাৰ পূৰণ কৰিব পৰাকৈ কোনো কেয়াৰ টেকাৰ নথকাত অকলশৰীয়া অনুভৱ কৰা বৰ্ষীয়ান মহিলাগৰাকী অতি স্বাভাৱিকতে বিমৰ্ষ আৰু ৰুক্ষ হৈ পৰিছে।

বৃহস্পতিবাৰে বিয়লি প্ৰতিদিনৰ তৰফৰ পৰা তেওঁৰ স্বাস্থ্যৰ খবৰ লৈ চিকিৎসকসকলৰ সৈতেও আলোচনা কৰাত চিকিৎসালয়খনৰ সঞ্চালক ডাঃ এ আৰ ৰহমানে জানিবলৈ দিয়া মতে তেওঁ সম্পূৰ্ণ সুস্থিৰ হৈ উঠিবলৈ আৰু এসপ্তাহৰ প্ৰয়োজন হ'ব। আনহাতে ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ যাতে কোনো বৃদ্ধাশ্ৰমত নিৰন্তৰ তদাৰকত থাকিব পাৰে সেই বিষয়েও উৎপল বৰ্ষবৰ্ধনৰ লগত আলোচনা কৰা হয়।

তেওঁ জানিবলৈ দিয়ে যে, আন এক মহিলা এন জি অ'য়েও তেওঁলোকক এই বিষয়ে অনুৰোধ জনাইছিল আৰু ব্যক্তিগতভাৱেও বহুদিন ধৰি পদ্মশ্ৰী এলী আহমেদক তেওঁ জানে। সেয়ে চিকিৎসালয়ে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছতেই তেওঁলোকে সুকিয়া একি কেবিনেৰ ব্যৱস্থা কৰি তেওঁলোকৰ মহানগৰীৰ বেলতলাৰ অজন্তাপথস্থিত বৃদ্ধাশ্ৰমত তেওঁক ৰখাৰ দিহা কৰিব বুলি আশ্বস্ত কৰে।

অৱশ্যে মানসিকভাৱে অতি শক্তিশালী এলী আহমেদে আজিও নিজৰ ঘৰলৈ আহিবলৈয়ে চিকিৎসকৰ লগত তেওঁৰ স্বাস্থ্যৰ খবৰ ল'বলৈ যোৱাসকলক মানসিক হেঁচা প্ৰয়োগ কৰিছে। ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক শেহতীয়া পৰিস্থিতি অৱগত কৰি পদশ্ৰী এলী আহমেদৰ সাম্প্ৰতিক জটিল পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ বাবেও অনুৰোধ জনোৱা হৈছে।