গুৱাহাটী

সুখ্যাতিৰে উত্তীৰ্ণ বিশ্বজিৎ কলিতাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ এটি বাতৰি কাকতৰ এজেন্সীত ৪৪ বছৰ কৰ্মৰত শৰৎ কলিতাৰ পুত্ৰ বিশ্বজিৎ কলিতাই ২০২৪বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩টা বিষয়ত লেটাৰ মাৰ্কসহ ৮৩.৫ শতাংশ নম্বৰেৰে পৰিয়ালৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ সুখৰ নিজৰা বোৱাই আনিছে।

শনিবাৰে নাৰেংগীৰ অঞ্চলৰ ছাত্ৰজনক "পৰাগজ্যোতি প্ৰকাশন"ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা সাহিত্যিক পেন্সনাৰ কমল কলিতাই কৃৰ্তি বিদ্যাৰ্থী বিশ্বজিৎ কলিতাই অসমৰ সমাজ জীৱনত মচিব নোৱৰা সাঁচ বহুৱাব বুলি মন্তব্য কৰে। প্ৰকাশনৰ সচিব, লেখক দীপক শৰ্মাই সোণৰ চামুচ লৈ জন্ম পোৱা সন্তানতকৈ সংগ্ৰামৰ মাজেদি আগুৱাই গ'লেহে সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পৰা যায় বুলি মন্তব্য কৰে।

শংকৰদেৱ শিশু নিকেতন, নাৰেংগীৰ পৰা সুখ্যাতিৰে উৰ্ত্তীণ বিশ্বজিৎ কলিতাৰ মাতৃ মিনতি কলিতা। বিশ্বজিৎ কলিতাই অসমীয়াত ৭৭, ইংৰাজীত ৯২, সাধাৰণ বিজ্ঞানত ৮৬, সমাজ বিজ্ঞানত ৭৫, সাধাৰণ গণিতত ৭৮, উচ্চ গণিতত ৯৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।