গুৱাহাটী

কবিতা, সাহিত্য শিল্প আদিৰ সৈতে সংপৃক্ত ব্যক্তিৰ মনত হতাশা নাথাকেঃ ড০ সুষমা মজুমদাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে "চ'ততে চকোৱা চৰাই কান্দে" শীৰ্ষক বৰ্ণিল এখনি কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত প্ৰকাশন অনুষ্ঠান "পৰাগজ্যোতি প্ৰকাশন"ৰ উদ্যোগত মহানগৰীৰ চান্দমাৰিস্থিত "নিৰাময় ভৱন" প্ৰাংগণত অনুষ্ঠিত হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ কবিৰে উপচি পৰা কবি সন্মিলনখনি সঞ্চালনা কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, "সাহিত্য কোঁৱৰ" কমল কলিতাই।

মমা গুপ্তাই কামৰূপী লোকগীত পৰিৱেশনেৰ আৰম্ভণি কৰা সভাখনি উদ্ধোধন কৰি ডায়েট, দুধনৈৰ অৱসৰী অধ্যাপিকা তথা বিশিষ্ট কবি ড০ সুষমা মজুমদাৰে কয়- কবিতা, সাহিত্য শিল্প আদিৰ সৈতে সংপৃক্ত ব্যক্তিৰ মনত হতাশা নাথাকে। প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত "কবিতা প্ৰাণৰো প্ৰাণৰ" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰি বিশিষ্ট সাহিত্যিক, গৱেষক, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কয়- "কবিতা হৃদয়ৰ পৰা ভাহি আহে । পৰিৱেশৰ তাগিদাত নিৰ্মাণ হয় হৃদয় ঝংকাৰিত কবিতা । উন্নত গধুৰ কবিতা সৃষ্টিৰ বাবে অধ্যয়ন লাগে । শব্দ মজবুত থকা লোকেহে ভাল কবিতা লিখিব পাৰে ।"

সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা বোলছবি পৰিচালক অৱনী ৰঞ্জন পাঠক, নলবাৰী জিলাৰ অৱসৰী অতিৰিক্ত উপায়ুক্ত ৰেণু মহন্ত, পদ্মশ্ৰী প্ৰাপক কবি-সাহিত্যিক ড০ ৰোমান শৰ্মা, নাথ সাহিত্য সভাৰ সভাপতি ড০ হৰ কুমাৰ নাথ, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব কৃষ্ণ ৰাম মিলিয়ে বক্তব্য দাঙি ধৰি পৰাগজ্যোতি প্ৰকাশনে নব-প্ৰজন্মক সঠিক ধৰণেৰে সাহিত্যৰ গতি, দিশ নিৰ্ণয়ত লোৱা ভূমিকাৰ শলাগ লয় ।

কবিতা সৃষ্টিত কবিসকলে অনেক দায়বদ্ধতা পালন কৰি লগতে সমালোচনা সাহিত্য পঢ়াত গুৰুত্বাৰোপ কৰে। সন্মিলনত ড০ দিবাকৰ নাথ, লক্ষী মালাকৰ দেৱনাথ, কনক চন্দ্ৰ ডেকা, পূৰৱী বৰুৱা, "আসাম লুতাদ"ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, শৈলেন তালুকদাৰ, মুন চক্ৰৱৰ্তী, পুতুলী ঠাকুৰীয়া মেধি, দৰঙীয়া কবি আব্দুল মালিক, বিভাস দাস, কুমাৰ ৰাহুল, মৃণালী চুতীয়া দাস, সনাতন মেধি আদিয়ে অসমীয়া, বাংলা, মিচিং ভাষাত কবিতা পাঠ কৰে। অনুষ্ঠানত অমূল্য ঠাকুৰীয়া, মধু পাটোৱাৰী প্ৰভৃতিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে। সঞ্চালকৰ ভাষণত সাহিত্যিক পেন্সনাৰ কমল কলিতাই কয়- "কবিতাৰে দেশ, জাতি নিৰ্মাণ কৰাই নহয় চৰকাৰ ওলোট-পালট কৰিব পাৰি । সমাজৰ কল্যাণ সাধনতো কবিতাৰ অনেক শক্তি আছে ।"