গুৱাহাটী

ড০ গোবিন্দ প্ৰসাদ শৰ্মালৈ জীৱনজোৰা সাধনাৰ বাবে প্ৰজ্ঞা সাধক সন্মান

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : অসমীয়া সাহিত্যজগতৰ এগৰাকী প্ৰথিতযশা গল্পকাৰ, ঔপন্যাসিক, গৱেষক, সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ গোৱিন্দ প্ৰসাদ শৰ্মা।এইগৰাকী বিশিষ্ট ব্যক্তিলৈ জীৱনজোৰা সাধনাৰ বাবে প্ৰজ্ঞা সাধক সন্মান-২০২৪ আগবঢ়াইছে গুৱাহাটীৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী প্ৰজ্ঞা মিডিয়াহাইপে।

প্ৰকাশন গোষ্ঠীটোৰ ১০বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাহিত্য, কলা-সংস্কৃতি, শিক্ষাৰ ক্ষেত্ৰত সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা ৬০উৰ্দ্ধৰ একোজনকৈ ব্যক্তিক প্ৰতি বছৰে প্ৰজ্ঞা সাধক সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে প্ৰকাশন গোষ্ঠীটোৰ স্বত্ত্বাধিকাৰী উজ্জ্বল বৰাই।

২০২৪ বৰ্ষৰ বাবে এই সন্মান প্ৰদান কৰা হ'ব ড০ গোৱিন্দ প্ৰসাদ শৰ্মাক। অহা ২৪ মাৰ্চত প্ৰকাশন গোষ্ঠীটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনা গুৱাহাটীত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উক্ত সন্মান প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে।

উক্ত বঁটাত থাকিব নগদ ধন, প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, আৰু উপহাৰৰ টোপোলা। ইপিনে, প্ৰকাশন গোষ্ঠীটোৰ ১০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ দিনা অসমৰ নতুন প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ১০জন ব্যতিক্ৰমী ব্যক্তিক প্ৰজ্ঞা প্ৰেৰণা বঁটা প্ৰদান কৰা হ'ব। উক্ত দহজন অসমীয়া ব্যতিক্ৰমী ব্যক্তিৰ নাম চলিত মাহৰ ভিতৰতে সদৰি কৰা হ'ব বুলি প্ৰকাশন গোষ্ঠীটোৰ স্বত্ত্বাধিকাৰী উজ্জ্বল বৰাই জনাইছে।