আমিনগাঁৱত প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী... 
গুৱাহাটী

আমিনগাঁৱত প্ৰতিদিন গোষ্ঠীৰ সহযোগত Johnson's ৰ শিশু সজাগতামূলক কাৰ্যসূচী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ সহযোগত Johnson's এ সমগ্ৰ অসমত 'Johnson's baby Best প্ৰথম দিনৰ পৰাই'' নামেৰে এক নৱজাতক শিশুযত্ন আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচী আজি আমিনগাঁৱৰ মহামিলন ক্লাবত অনুষ্ঠিত হয় ।

এই কাৰ্যসূচীত নৱজাতক শিশুসকলক কেনেদৰে যত্ন ল'ব লাগে তাৰ পৰামৰ্শ আগবঢ়াই।এই কাৰ্যসূচী অসমৰ ১২ খন জিলাত অনুষ্ঠিত হ'ব। আমিনগাঁৱৰ আজিৰ অনুষ্ঠানত অঞ্চলটোৰ ২০৮ গৰাকী মাতৃ আৰু তেওঁলোকৰ কেঁচুৱাই সজাগতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

য'ত কামৰূপ জিলাৰ সমাজ কল্যাণ বিষয়া ভূপেন ভট্টাচাৰ্য্যৰ লগতে বেজেৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ CDPO প্ৰীতিশা কলিতাই শিশুযত্নৰ বিভিন্ন কাৰ্যকলাপ যেনে স্তন্যপান, খাদ্য, ময়েশ্চাৰাইজিং, ডায়পাৰ সলনি কৰা, কেঁচুৱাৰ বাৰ্তা প্ৰেৰণৰ লগতে গৰমৰ দিনত কিদৰে শিশুৰ যত্ন লোৱাৰ প্ৰয়োজন এই বিষয়ে বিষদভাৱে বৰ্ণনা কৰে।

আজিৰ Johnson'sৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক শিশু যত্নৰ বাবে একোটাকৈ মুঠ ৩০৪ টা স্বাগতম কিট বিতৰণ কৰা হয় । আগন্তুক দিনত ৰাজ্যখনৰ আৰু কেইবাখনো জিলাত জনছন আৰু অসমীয়া প্ৰতিদিনে অনুষ্ঠিত কৰিব এনে ধৰণৰ কাৰ্যসূচী।