গুৱাহাটী

হিটলাৰী শাসন বন্ধ কৰক বিজেপিয়েঃ ৰাইজৰ দল

Asomiya Pratidin

ডিজিটেল সংবাদ ,গুৱাহাটীঃ বুধবাৰে ভাৰত জোড়ো ন্যায় যাত্রাৰ ওপৰত অসম পুলিচে কৰা লাঠী চালনাৰ ঘটনাক তীব্র নিন্দা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিযোগে অখিল গগৈয়ে কয় যে 'এই ঘটনা আমাৰ দেশৰ গণতান্ত্রিক ব্যৱস্থাটোৰ প্রতি ভাবুকি'। হিমন্ত বিশ্ব শৰ্মাৰ প্রত্যক্ষ নির্দেশত শান্তিপূর্ণভাবে কৰিব খোজা এটা কাৰ্যসূচীত বাৰে বাৰে বাধা প্রদান কৰিছে অসম পুলিচে। অসম প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াকে ধৰি বিৰোধী ঐক্যমঞ্চৰ নেতা-কর্মীক এতিয়া আক্রমণৰ লক্ষ্য কৰি লৈছে চৰকাৰ প্রশাসনে। যি সময়ত জে.পি নাড্ডাক আদৰণি জনাই গুৱাহাটীৰ মাজ মজিয়াত বিজেপি দলে বিশাল বাইক ৰেলী কৰিব পাৰে সেই সময়ত কংগ্রেছ বা বিবোধী ঐক্য মঞ্চৰ আন দলসমূহ তথা ৰাহুল গান্ধীক গুৱাহাটীত প্রৱেশ কৰিবলৈ নিদিয়া ঘটনাটো কেৱল দুর্ভাগ্যজনকেই নহয় এইয়া দেশৰ গণতান্ত্রিক ব্যৱস্থাটোৰ প্রতি তীব্র ভাবুকি। সংবিধানে দিয়া সকলো অধিকাৰ এটা এটাকৈ কাড়ি নিব খুজিছে বিজেপিয়ে। ৰাম ৰাজ্যত যেন এতিয়া ৰাৱণৰ শাসন চলিছে। এয়া, ফেচিবাদৰ চবন পর্যায়। গণতন্ত্র ফাঁচীকাঠত ওলমিছে। এখন গণতান্ত্রিক দেশত বিৰোধী দলৰ ভূমিকা, বিৰোধী কিয় প্রয়োজন সকলোবোৰ জনাৰ পিছতো মুখ্যমন্ত্রী গৰাকীয়ে নিজে গৃহ বিভাগটো চলাই থকাৰ অবস্থাতো জনতাক সুৰক্ষা দিব নোৱাৰা বিষয়টোৱে চৰকাৰখনৰ স্বেচ্ছাচাৰিতাৰ উমান দিছে। ৰাইজৰ দলে এই ঘটনাক তীব্র গৰিহণা দিয়াৰ লাগতে ঘটনাৰ উচিত তদন্তৰ দাবী কৰাৰ কথাও জানিবলৈ দিয়ে অখিল গগৈয়ে।