গুৱাহাটী

অধ্যাপক ড০ কনক চন্দ্ৰ চহৰীয়াৰ জন্মদিন পালন আৰু 'গৱেষণাৰ ৰ'দকাঁচলি' শীর্ষক গৱেষণা গ্ৰন্থ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : সংস্কৃতি অধ্যয়ন আৰু গৱেষণা সমাজ, অসমৰ দ্বাৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত ১২ নৱেম্বৰ দিনটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা গৱেষণা সমাজৰ সভাপতি ড° কনক চন্দ্ৰ চহৰীয়াৰ ওপজা দিন হিচাপে পালন কৰা হয়। গৱেষক সমাজৰ হৈ সদস্যসকলে তেওঁক সম্বর্ধনা জনায়।

গৱেষক সমাজৰ সভাপতি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড০ চহৰীয়াৰ পৌৰোহিত্যত সভাখন অনুষ্ঠিত কৰা হয়। সভাত গৱেষক সমাজৰ দ্বাৰা প্রকাশিত 'গৱেষণাৰ ৰ'দকাচলি' শীর্ষক গৱেষণামূলক গ্রন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ড০ দীপ্তি ফুকন পাটগিৰি, অধ্যাপক ড০ বিমল মজুমদাৰ আৰু সহযোগী অধ্যাপক ড০ প্রাঞ্জল শর্মা বশিষ্ঠয়ে।

গ্রন্থখনৰ সম্পাদনাৰ দায়িত্বত আছে জাগীৰোড মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড০ হাবীবুৰ ৰহমান, অধ্যাপক ড০ হেমেন ৰাজবংশী, ড° ৰূপম বৰঠাকুৰ। প্রকাশিত গ্রন্থখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ বৰ্তমানৰ মুৰব্বী ড০ কনক চন্দ্ৰ চহৰীয়াৰ তত্বাৱধানত এম.ফিল আৰু পি-এইচ.ডি লাভ কৰা আৰু বর্তমান গৱেষণাৰত গৱেষকসকলৰ মুঠ ১৭ টা প্ৰবন্ধ সন্নিবিষ্ট হৈছে।

গ্ৰন্থখন উন্মোচন কৰি ড০ পাটগিৰিয়ে কয় যে, কনক চন্দ্ৰ চহৰীয়াৰ তত্ত্বাৱধানত গৱেষণা কৰা এই গৱেষকসকলে পূর্বতে 'গবেষণা গজালি শীর্ষক গ্রন্থ প্রকাশ কৰিছিল আৰু এতিয়া গৱেষণাৰ ৰ'দালি' শীর্ষক গ্রন্থ প্রকাশে গবেষনাৰদ্বাৰা জ্ঞান অন্বেষণৰ বাটটো যে আৰু অধিক উর্ধগামী হৈ গৈছে তাবেই প্রমাণ এই গ্রন্থখন।

অধ্যাপক বিমল মজুমাদাৰে চহৰীয়াৰ লোকমন, লোকজীৱক লৈ নিজেও সচেতন আৰু গৱেষণাৰ যোগেদি লোকজীৱনক ধৰি ৰখাৰ দৰে তেওঁৰ গৱেষকসকলকো একোডাল বৌদ্ধিক বান্ধোনেৰে বান্ধি ৰাখিব চেষ্টা কৰিছে। ই সঁচাকৈয়ে আনন্দৰ কথা বুলি মন্তব্য কৰে।

অনুষ্ঠান প্রাঞ্জল শর্মা বশিষ্ঠয়েও অধ্যাপক চহৰীয়াৰ গুণানুকীৰ্তন কৰাৰ লগতে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ ধীৰাজ পাটৰে আঁত ধৰা অনুষ্ঠানটোত বৰগীত পৰিৱেশন কৰে গৱেষক পৰিণীতা বড়িয়ে। বাঁহী বাদন কৰে ড০ তিলেশ্বৰ কামানে আৰু ৰকিবুল ইছলামে ভূপেন্দ্ৰ সংগীতেৰে সকলোকে আপ্লুত কৰি তোলে। সভাত অন্যান্য সদস্যসকলেও নিজৰ নিজৰ মন্তব্য আৰু অধ্যাপক চহৰীয়ালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।