৭ জুলাইত শুভাৰম্ভ হ'ব সদৌ অসম মইনা পাৰিজাতৰ হীৰকজয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী... 
গুৱাহাটী

৭ জুলাইত শুভাৰম্ভ হ'ব সদৌ অসম মইনা পাৰিজাতৰ হীৰকজয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সদৌ অসম মইনা পাৰিজাতৰ প্ৰতিষ্ঠাৰ ৭৫ বৰ্ষ উপলক্ষে হীৰকজয়ন্তী বৰ্ষ মহাৰজত জয়ন্তী বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ২৭ জুন মইনা পাৰিজাতৰ প্ৰতিষ্ঠাৰ দিন হিচাপে প্ৰতিবছৰে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ লখৰাস্থিত পাৰিজাত প্ৰকল্পত পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱস পালন কৰি আহিছে।

এই বৰ্ষ হীৰকজয়ন্তী বৰ্ষ উপলক্ষে কেন্দ্ৰীয়ভাৱে আজি গুৱাহাটীৰ লখৰাস্থিত পাৰিজাত প্ৰকল্পত সদৌ অসম মইনা পাৰিজাতৰ হীৰকজয়ন্তী বৰ্ষ উপলক্ষে প্ৰস্তুত কৰি ওলিওৱা পতাকা উত্তোলন কৰে সদৌ অসম মইনা পাৰিজাতৰ কোষাধ্যক্ষ অকন বৰীয়ে,বন্তি প্ৰজ্বলন কৰে গুৱাহাটী জিলা মইনা পাৰিজাতৰ উপ-সভাপতি ৰমেশ মহন্তই। ইয়াৰ লগে লগে মইনা পাৰিজাতৰ সকলো জিলা,আঞ্চলিক আৰু শাখা সমিতিয়ে প্ৰতি কাৰ্যালয়ত পতাকা উত্তোলন কৰি প্ৰতিষ্ঠা দিৱসটি পালন কৰে।

আনহাতেদি মহাৰজত জয়ন্তী বৰ্ষটোৰ কাৰ্য্যসূচীসমূহ গুৱাহাটীৰ সৰুসজাইস্থিত পৰিজাত প্ৰকল্পত জুলাই ৭ তাৰিখে আৰম্বৰপূৰ্ণভাবে শুভাৰম্ভ কৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলাইছে। ৭ জুলাইৰ দিনা পুৱা সদৌ অসম মইনা পাৰিজাতৰ সভাপতি কেশৱ মহন্তই পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পন কৰিব শিশু মহিয়ান জীতেন ভাগৱতীয়ে।

ইয়াৰ পাছতে হীৰকজয়ন্তী বৰ্ষৰ থীম ছং উন্মোচন কৰিব প্ৰাক্তন মইনা তথা কণ্ঠ শিল্পী মৌচুমী চহৰীয়াই। উক্ত অনুষ্ঠানতে পাৰিজাত সংবাদ উন্মোচন কৰিব অসম বিজ্ঞান সমিতিৰ সঞ্চালক তথা প্ৰাক্তন মইনা ড০ জয়দ্বীপ বৰুৱাই।

ইয়াৰ পাছতে "প্ৰকৃতি আৰু মইনা"বিষয়ত অৰণ্য মানৱ যাদৱ পায়েং আৰু প্ৰকৃতি কৰ্মী সৌমাৰদ্বীপ দত্তৰ সৈতে মইনা আৰু চেমনীয়াসকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা প্ৰাক্তন মইনা তথা সংগীত শিল্পী প্ৰাঞ্জল শৰ্মা পৰিচালনাত মইনা মেল অনুষ্ঠিত হ'ব।সদৌ অসম মইনা পাৰিজাতৰ প্ৰধান সম্পাদক ৰাতুল বৰাই মইনা পাৰিজাতৰ সকলো বিষয়ববীয়া, আজীৱন সদস্য, জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্থিতি কামনা কৰিছে।