গুৱাহাটী

বিজেপিৰ 'কৰ সন্ত্ৰাস’ৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গণতন্ত্ৰক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থতে শনিবাৰে সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো 'কৰ সন্ত্ৰাস’ৰ বিৰুদ্ধে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰা হয়। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত আয়কৰ বিভাগে নিখিল ভাৰত কংগ্ৰেছৰ বেংক একাউণ্ট 'ফ্ৰিজড’ কৰাৰ লগতে অতিৰিক্ত ১৮৭০ কোটি টকাৰ কৰ জৰিমনা জাঁপি দিয়া কাৰ্যক ৰাজীৱ ভৱনত তীব্ৰ বিৰোধিতা কৰা হয়।

কংগ্ৰেছ নেতা-কৰ্মীসকলে ৰাজীৱ ভৱনত বিজেপিৰ স্বৈৰাচাৰী নীতিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী পালন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে আঁত ধৰা প্ৰতিবাদী সভাখনত কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে বিজেপি দল আৰু চৰকাৰে ভাৰতীয় সংবিধান ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ লগতে গণতন্ত্ৰক কবৰ দিবলৈ প্ৰস্তুতি চলাইছে বুলি আক্ষেপ কৰি কয় যে এই একনায়কত্ববাদী দল আৰু চৰকাৰক এইবাৰ নিৰ্বাচনত সমূচিত প্ৰত্যুত্তৰ দি প্ৰতিহত কৰিব লাগিব।

নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক পৃথ্বিৰাজ সাথেই নিজৰ ভাষণত কংগ্ৰেছ কৰ্মীসকলক গণতন্ত্ৰ সুৰক্ষিত কৰাৰ যুঁজত অধিক আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। কংগ্ৰেছ নেতা সাথেই কয় যে বিজেপি দলে ইডি, চিবিআই আৰু আয়কৰ বিভাগৰ ভাবুকিৰে ইলেক্ট’ৰেল বণ্ডৰ যোগেদি হাজাৰ হাজাৰ কোটি টকা নিজৰ বেংক একাউণ্টত সুমুৱাই এতিয়া বাকী দলৰ বেংক একাউণ্ট ফ্ৰিজড কৰাৰ লগতে অযথা জৰিমনা আৰোপ কৰিছে। বিজেপিৰ ক্ষেত্ৰত আয়কৰ বিভাগে কিয় জৰিমনা আৰোপ কৰা নাই বুলিও প্ৰশ্ন কৰে।

কংগ্ৰেছ নেতা গোপাল শৰ্মা, ৰাতুল কলিতা, বেদব্ৰত বৰা প্ৰমুখ্যে কেবাজনেও প্ৰতিবাদী সভাত বক্তব্য প্ৰদান কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বলীন কুলী, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নৱ তালুকদাৰ, উপ-সভাপতি গুণ গগৈ, বালিকা পেগু প্ৰমুখ্যে বহু কেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই আজি ৰাজীৱ ভৱনত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।