গুৱাহাটী

এইকেইখন জিলাত আহিব বৰষুণ আৰু ধুমুহা !পঢ়ক সবিশেষ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে বতৰৰ আগলি বতৰা। ৩জুলাইৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰই কেতবোৰ জিলাৰ বতৰৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

সেই অনুসৰি ৰাজ্যৰ কেইবাখনো জিলাত মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। এই সমূহ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই হালধীয়া সতৰ্কবাণী জাৰি কৰিছে। জিলা কেইখন হৈছে- চিৰাং, চৰাইদেউ, গোলাঘাট,লখিমপুৰ। একেদৰে গোলাঘাট, শিৱসাগৰ আদি জিলাতো বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

৩জুলাইৰ দিনটোত তিনিচুকীয়া, বাক্সা, গোৱালপাৰা জিলাত বৰষুণ অহাৰ সম্ভাৱনা আছে। অৱশ্যে কোনো কোনো ঠাইত দুই-এজাক ধুমুহা অহাৰো প্ৰবল সম্ভাৱনা আছে।