গুৱাহাটী

'গৰীয়সী-চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া চুটিগল্প পুৰস্কাৰ-২০২৩'ৰ ফলাফল ঘোষণা

Asomiya Pratidin

ডিজিটেল ডেস্ক : 'গৰীয়সী-চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া চুটিগল্প পুৰস্কাৰ-২০২৩’ৰ ফলাফল ঘোষণা। সাহিত্য-আলোচনী 'গৰীয়সী'ৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অসমৰ এগৰাকী যশস্বী কথাশিল্পী চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াৰ স্মৃতিত গৰীয়সী-আছাম ট্ৰিবিউন কাকতগোষ্ঠী দ্বাৰা প্রৱর্তিত 'গৰীয়সী চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া চুটিগল্প পুৰস্কাৰ-২০২৩'ৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে।

অংশগ্রহণকাৰী ভালেসংখ্যক প্ৰতিযোগীৰ মাজৰ পৰা 'গৰীয়সী'ৰ দ্বাৰা গঠিত নির্বাচকমণ্ডলীৰ পৰীক্ষণৰ ভেটিত এই প্রতিযোগিতাৰ ফলাফল নিৰূপণ কৰা হৈছে। সেইমৰ্মে পুৰস্কাৰ লাভ কৰিছে এইসকলে – প্রথম পুৰস্কাৰ : শিল্পী শৰ্মা (গল্প : আনন মুণ্ডা আৰু এটা অসম্পূর্ণ গল্প), নগদ ১০হাজাৰ টকা আৰু মানপত্র।

দ্বিতীয় পুৰস্কাৰঃ দেৱজিৎ কলিতা (গল্প: হাৰুকি মুৰাকামিয়ে পোহা খেতৰটো), নগদ ৭হাজাৰ টকা আৰু মানপত্ৰ। তৃতীয় পুৰস্কাৰঃ খনিন্দ্ৰ ভূষণ মহন্ত (গল্প: ৰূপালী মকৰাৰ বাট), নগদ ৫হাজাৰ টকা আৰু মানপত্ৰ।

অহা ৮ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাবত বিয়লি ৫-০০ বজাত অনুষ্ঠিত হ'বলগীয়া চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া স্মৃতি দিৱসত এই পুৰস্কাৰসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলি প্ৰতিযোগিতাৰ আহ্বায়ক সমীন্দ্ৰ ডেকাই জনাইছে।