গুৱাহাটী মহানগৰীত দুৰ্ঘটনাঃ থিতাতে নিহত শিৱসাগৰৰ মহিলা... 
গুৱাহাটী

গুৱাহাটী মহানগৰীত দুৰ্ঘটনাঃ থিতাতে নিহত শিৱসাগৰৰ মহিলা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী অতি গুৰুতৰভাৱে আহত হৈছে। উল্লেখ্য যে বৰাগাঁৱৰ পৰা গড়চূক অভিমুখে এখন স্কুটিত গৈ আছিল এই দুয়োগৰাকী মহিলা।

তেনে সময়তে এ এছ ০১ ই বি ১১২৬ নম্বৰৰ এখন চাৰি চকীয়া বাহনে এই স্কুটিখনত খুন্দা মাৰে। তাৰ পাছতেই স্কুটিখনে গৈ ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় স্কুটি আৰোহী মহিলা দুগৰাকীৰ মাজৰ এগৰাকী।

ইফালে আহত আনগৰাকী মহিলাক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে নিহত মহিলাগৰাকীৰ নাম কুন্তী দাস আৰু তেওঁৰ ঘৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে। আনহাতে আহত মহিলাগৰাকীৰ নাম মামণি বৰা। তেওঁৰ ঘৰ নগাঁৱত। তেওঁ লোকে চলাই অহা স্কুটিখনৰ নম্বৰ এ এছ ০২ এ এইছ ৯৯২৯। তেওঁলোকে খুন্দা মৰা ৰৈ থকা ট্ৰাকখনৰ নম্বৰ এ এছ ০১ কিউ চি ৯৪৭১।