মহানগৰীত পথ দুৰ্ঘটনাত নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আৱাসৰ আৱাসী... 
গুৱাহাটী

মহানগৰীত পথ দুৰ্ঘটনাত নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আৱাসৰ আৱাসী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হ'ল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আৱাসক এগৰাকী আৱাসী।

মহানগৰীৰ খানামুখত সংঘটিত হৈছে এই দুৰ্ঘটনা। জানিব পৰা মতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আৱাসৰ আৱাসীগৰাকী এখন স্কুটীৰে জালুকবাৰীৰ পৰা আজাৰা অভিমুখে গৈ আছিল। তেনে সময়তে এখন ট্ৰাকে স্কুটীখনৰ পাছফালে খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় স্কুটী আৰোহীজন। ইফালে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাক চালকগৰাকীয়ে। দুৰ্ঘটনাত পতিত হোৱা স্কুটীখনৰ নম্বৰ এ এছ ০১ ডি ডব্লিউ ৩২০৭ আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ১৮ এ চি ৩৫৭৭।