ভঙাগড় উৰণীয়া সেতুত ডাষ্টাৰে খুন্দিয়ালে বাইক আৰোহীক... 
গুৱাহাটী

ভঙাগড় উৰণীয়া সেতুত ডাষ্টাৰে খুন্দিয়ালে বাইক আৰোহীক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশ্বকৰ্মা পূজাৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীৰ ভঙাগড় উৰণীয়া সেতুত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী চাৰি চকীয়া বাহনে মটৰ চাইকেলখনক খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাত মটৰ চাইকেল আৰোহীগৰাকী গুৰুতৰ ভাৱে আহত হৈছে। ইফালে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে চাৰি চকীয়া বাহনখনে। আৰক্ষীয়ে এই পৰ্যন্ত এই বাহনখন চিনাক্ত কৰিব পৰা নাই। অৱশ্যে বাহনখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ঘটনাত আহত বাইক চালকজনক মণ্টু বড়ো বুলি চিনাক্ত কৰা হৈছে। তেওঁক অতি গুৰুতৰ অৱস্থাত জি এম চি এইছত ভৰ্তি কৰোৱা হৈছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি ভুক্তভোগী মণ্টু বড়ো এখন বাজাজ পালছাৰ বাইকেৰে আহি আছিল। তেওঁৰ বাইকখনৰ নম্বৰ এ এছ ০১ ডি এক্স ৫৮২৬। মণ্টু বড়োৰ মটৰ চাইকেলখনক এখন ৰেনল্ট ডাষ্টাৰে খুন্দা মাৰি পলায়ন কৰিছে।

উল্লেখ্য যে, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আজি বাতৰি লিখাৰ সময়লৈকে চাৰিটাকৈ দুৰ্ঘটনা জনিত ঘটনাৰ আহত ব্যক্তি আহিছে। ইয়াৰে কেইবাজনৰো অৱস্থা গুৰুতৰ।