গুৱাহাটী

ৰঙিয়াত আৰএছএছৰ পথ সঞ্চলন

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পথ সঞ্চলন অনুষ্ঠিত হয়। দিনৰ ১১ বজাত কামৰূপ জিলাৰ ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত ৰঙিয়া নগৰৰ লগতে বিহদিয়া, কমলপুৰ, হাজো, ৰামদিয়া আদি প্ৰখণ্ডৰ সহস্ৰাধিক স্বয়ংসেৱকে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে এই সহস্ৰাধিক স্বয়ংসেৱকসকলে পূৰ্ণ গণৱেশ পৰিধানেৰে দণ্ডসহিতে ঘোষবাদন কৰি ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ পৰা খৈৰাবাৰী হৈ মূৰাৰাৰে এক দীঘলীয়া পথ সাঙুৰি নিকেতনৰ প্ৰাংগনত পথ সঞ্চলন সামৰণি পৰে। শৃংখলাবদ্ধ এই পথ সঞ্চলন সময়ত পদপথৰ কেইবাটাও স্থানত মুগ্ধ হৈ স্থানীয় ৰাইজে পুষ্পবৃষ্টিৰে স্বয়ংসেৱকসকলক আদৰণি জনায়। তাৰপিছতে এক বৌদ্ধিক কাৰ্যক্ৰম নিকেতন প্ৰাংগনত অনুষ্ঠিত হয়।

এই পথ সঞ্চলন কাৰ্যসূচীত কামৰূপ জিলাৰ সংঘচালক ৰজত ভৰালী, জিলা কাৰ্যবাহ দিগন্ত দাস, শাৰীৰিক প্ৰমূখ কংকন দাসৰ উপৰিও প্ৰচাৰক পংকজ কলিতা উপস্থিত থাকে ।