অগ্ৰণী খবৰ 
গুৱাহাটী

বিশিষ্ট সমাজকৰ্মী ফুকন কলিতাৰ মৃত্যুত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : হাৰিভাংগা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ফুকন কলিতা (৬২)ৰ বিয়োগত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে গভীৰ শোকপ্ৰকাশ কৰে। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অন্তৰ্গত হাৰিভাংগা আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ফুকন কলিতা (৬২)ৰ যোৱা২৮ ছেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাত গুৱাহাটীত পৰলোকপ্ৰাপ্তি ঘটিছিল।

বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ফুকন কলিতাৰ মৃত্যুত শনিবাৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে এক বিবৃতিযোগে গভীৰ শোকপ্ৰকাশ কৰে। ৰাজ্যিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ আৰু প্ৰচাৰ,জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে দিয়া প্ৰেছ বিবৃতিযোগে বৃহত্তৰ হাৰিভাংগা অঞ্চলৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এগৰাকী নিষ্ঠাবান সাংগঠনিক কৰ্মী কলিতাই গঞা লোকৰ মাজত জনপ্ৰিয় হৈ সংগঠনটো দৃঢ় কৰাৰ সময়তে পৰলোকপ্ৰাপ্তি হোৱাত গভীৰ শোকপ্ৰকাশ কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

আনহাতে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনে প্ৰয়াত ফুকন কলিতাৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাংগঠনিক সম্পাদক পৰেশ বৰ্মনে জানিবলৈ দিয়া মতে,শনিবাৰে সম্পন্ন হোৱা সৎকাৰ পৰ্বত জিলা সন্মিলনৰ হকে তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলি প্ৰদান কৰি আত্মাৰ সদগতি কামনা কৰে।

ইফালে জিলা সম্পাদক প্ৰিয়নাথ বৰ্মনে প্ৰয়াত কলিতাৰ পৰিয়ালৰ এনে সময়ত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰে। বৃহত্তৰ হাৰিভাংগা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্য, হাৰিভাংগা গাঁওসভা, শংকৰদেৱ শিশু নিকেতনৰ সদস্যৰ লগতে শিক্ষক-কৰ্মচাৰী সংগঠনৰ সদস্যক লৈ বিভিন্ন ব্যক্তিয়ে প্ৰয়াত কলিতাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।

উল্লেখযোগ্য যে নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আগত দিনত হাৰিভাংগাত হ'ব লগা দ্বিবাৰ্ষিক অধিবেশন অনুষ্ঠিত কৰাৰ বাবে গঠিত হোৱা অভ্যৰ্থনা সমিতিৰো তেওঁ সম্পাদক আছিল। তেওঁৰ পৰলোকপ্ৰাপ্তি সন্মিলনৰ লগতে গণসংগঠনৰ বাবে বৃহৎ ক্ষতি উল্লেখ কৰে।