গৰমে দহিছে ৰাজ্যঃ গুৱাহাটীত সলনি বিদ্যালয়ৰ পাঠদানৰ সময়... 
গুৱাহাটী

গৰমে দহিছে ৰাজ্যঃ গুৱাহাটীত সলনি বিদ্যালয়ৰ পাঠদানৰ সময়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সলনি কৰা হৈছে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে ২১ ছেপ্টেম্বৰ, শনিবাৰৰ পৰা পুৱা ৭-৩০ বজাৰ পৰাই আৰম্ভ হ'ব পাঠদান।

দিনৰ ১২-৩০ বজাত বন্ধ হ'ব সকলো শিক্ষানুষ্ঠান। আজি কামৰূপ মহানগৰ জিলাৰ সৰ্ব শিক্ষা অভিযানৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰগৰাকীয়ে স্বাক্ষৰ কৰা এক নিৰ্দেশনাৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছে।

এই নিৰ্দেশনা অনুসৰি ২১ ছেপ্টেম্বৰৰ পৰা সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠানে পৰৱৰ্তী নিৰ্দেশ নিদায় পৰ্যন্ত পুৱা ৭-৩০ বজাৰ পৰাই আৰম্ভ কৰিব লাগিব পাঠদান। তাৰোপৰি সকলো শিক্ষানুষ্ঠানে প্ৰাতঃ সভা মুকলি আকাশৰ তলৰ পৰিবৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে সম্পন্ন কৰিব লাগিব।

সকলো বিদ্যালয়তে শিক্ষাৰ্থীসকলৰ বাবে পৰ্যাপ্ত খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব। শিক্ষাৰ্থীসকলে ৱেইষ্ট কোট, টাই পৰিধান যাতে নকৰে সেয়াও নিশ্চিত কৰিব লাগিব। সকলো শিক্ষানুষ্ঠানৰে শ্ৰেণী কোঠাৰ ফেনসমূহ কাৰ্যক্ষম হৈ আছে নে নাই সেয়া পৰীক্ষা কৰিবলৈ কোৱা হৈছে।

যদিহে পাঠদানৰ সময়ত বিদ্যুত কৰ্তন হয় তেন্তে বিকল্প পদ্ধতিৰে বিদ্যুত সংযোগেৰে ফেনসমূহ চলাবলৈ নিৰ্দেশ দিয়া হৈছে।