গুৱাহাটী

কুৰি দিনে আই চি ইউত চিকিৎসাধীন জ্যেষ্ঠ সাংবাদিক যদু কাকতি

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : অসমৰ বিশিষ্ট জ্যেষ্ঠ সাংবাদিক, মিডিয়া ট্ৰাষ্ট, অসমৰ প্ৰতিষ্ঠা কালৰ অন্যতম খনিকৰ যদু কাকতি (৯২) বিগত ৮ ডিচেম্বৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। অসম চৰকাৰৰ তত্বাৱধানত চিকিৎসাধীন সাংবাদিক কাকতিৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে মিডিয়া ট্ৰাষ্ট অসমৰ সভাপতি প্ৰশান্ত জ্যতি বৰুৱা, কাৰ্যবাহী ন্যাসৰক্ষী ৰমনী বৰ্মন আৰু সদস্য ট্ৰাষ্টী ডা০ দিলীপ শৰ্মাসহ তিনিজনীয়া দল এটিয়ে চিকিৎসালয়লৈ গৈ সাংবাদিক গৰাকীৰ স্বাস্থ্যৰ বুজ লয়। লগতে চৰকাৰৰ পক্ষৰ পৰা সকলো খৰচ বহন কৰি চিকিৎসা কৰি থকাত ধন্যবাদ জ্ঞাপন কৰে। লগতে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাই যাতে সাংবাদিকগৰাকী সোনকালেই সুস্থ হৈ উঠে।