বৰাগাঁৱত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ ভিতৰতে উদ্ধাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ, সংকটজনক অৱস্থাত পিতৃ... 
গুৱাহাটী

বৰাগাঁৱত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ ভিতৰতে উদ্ধাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ, সংকটজনক অৱস্থাত পিতৃ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। ঘৰৰ ভিতৰতে পিতৃ, কন্যাক আক্ৰমণ কৰিলে দুৰ্বৃত্তই। ফলত নিহত হয় এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। আনহাতে সংকটজনক অৱস্থাত চিৎসাধীন পিতৃ। এই ঘটনা সংঘটিত হৈছে বৰাগাঁৱত।

উল্লেখ্য যে, বুধবাৰে বিয়লি সন্ধিয়া সংঘটিত হৈছে এই ঘটনা। বনজিৎ দাস নামৰ এজন লোকৰ ঘৰত দুৰ্বৃত্তই প্ৰৱেশ কৰি পিতৃ, কন্যাক আক্ৰমণৰ লক্ষ্য কৰি লয়। দুৰ্বৃত্তৰ আক্ৰমণত নিহত হৈছে বনজিৎ দাসৰ কন্যা তথা সপ্তম শ্ৰেণীৰ ছাত্ৰী দিদীক্ষা দাসৰ।

জানিব পৰা মতে বুধবাৰৰ দিনটোত দিদীক্ষাৰ মাতৃ নগাঁৱৰ সম্পৰ্কীয় কোনো লোকৰ ঘৰলৈ গৈছিল। ইয়াৰ পাছত বিয়লি প্ৰায় ৪ মান বজাত যেতিয়া ঘৰলৈ ফোন কৰিছিল যদিও কোনেও সহাৰি নিদিলে।

কেইবাবাৰো ফোন কৰিও বিফল হোৱাত তেওঁ স্থানীয় লোকক ফোন কৰি ঘৰত স্বামী, কন্যা আছে নে নাই বা ক'ৰবালৈ ওলাই গৈছে নেকি সেই বিষয়ে চাবলৈ দিয়ে। তাৰ পাছতে স্থানীয় লোকে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰি দেখে নাবালিক ছোৱালীগৰাকী বিচনাত পৰি আছে আৰু মুখেৰে ফেন ওলাই আছে।

সমান্তৰালকৈ বনজিৎ দাসো ঘৰৰ ডাইনিং টেবুলত পৰি আছে। ইয়াৰ পাছতে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও দিদীক্ষা দাসৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। আনহাতে প্ৰথমে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও নিশাৰ ভাগলৈ বনজিৎ দাসক জি এম চি এইছলৈ স্থানান্তৰ কৰা হয়।

ইফালে নিশাৰ ভাগত তেওঁৰ পত্নীও নগাঁৱৰ পৰা আহি উপস্থিত হয়। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো মন্তব্য কৰা নাই।

এই মুহূৰ্তলৈকে এই সমগ্ৰ ঘটনা কোনে সংঘটিত কৰিলে, কিয় কৰিলে তাৰ কোনো তথ্য পোহৰলৈ অহা নাই। স্থানীয় লোকে অৱশ্যে এয়া তেওঁলোকৰ ঘৰুৱা পাৰিবাৰিক ঘটনা বুলিয়েই অনুমান কৰিছে।

স্থানীয় লোকসকলে বুধবাৰৰ দিনটোতে বনজিৎ দাসৰ জ্যেষ্ঠ ভাতৃ আৰু তেওঁৰ চালকক বৰাগাওঁ অঞ্চলত দেখিছিল বুলিও মন্তব্য কৰিছে। অৱশ্যে তেওঁলোকক বনজিৎ দাসৰ ঘৰত প্ৰৱেশ কৰা দেখা নাই বুলিও জনাইছে।