গুৱাহাটী

ৰাজ্যৰ এগৰাকী শীৰ্ষ বিষয়াৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গুৰুতৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। এই অভিযোগ সন্দৰ্ভত অসম নাগৰিকৰ সভাপতি লুইত কুমাৰ বৰ্মনে ৰাজ্যৰ মুখ্য সচিবৰ হাতত এক প্ৰতিবেদন দাখিল কৰে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এগৰাকী মহিলা কৰ্মচাৰীক বিয়াৰ প্ৰলোভন দেখুৱাই অনুৰাগ গোৱেলে প্ৰায় ৩বছৰ ধৰি শাৰীৰিক সম্পৰ্ক স্থাপন কৰা বুলি উল্লেখ কৰে। তাৰোপৰি অভিযুক্ত বিষয়া গোৱেল আৰু মহিলাগৰাকীৰে হোৱা কথাবাৰ্তা আৰু অন্তৰংগ মুহূৰ্ততৰ আলোকচিত্ৰ ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগকাৰীৰ হাতত দিয়া বুলি উল্লেখ কৰে।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ এই কৰ্মকাণ্ড নিজ পত্নীয়ে অৱগত হোৱাৰ পাছত অভিযুক্ত গোৱেলে ভুক্তভোগী মহিলাগৰাকীৰে দুৰত্ব বজাই ৰখা বুলি জানিব পৰা গৈছে। তাৰোপৰি অনুৰাগ গোৱেলে ভুক্তভোগী মহিলা কৰ্মচাৰীগৰাকীৰে সকলো ধৰণৰ যোগাযোগ বন্ধ কৰি দিয়া বুলিও উল্লেখ কৰে। আনহাতে গোৱেলৰ পত্নীয়ে সকলো কথা গম পোৱাৰ পাছত মহিলা কৰ্মচাৰীগৰাকীক সামাজিক মাধ্যমত ব্লক কৰি দিয়ে।

অভিযোগ অনুসৰি এই সকলো কথা পোহৰলৈ অহাৰ পাছত এক শক্তিশালী চক্ৰই মহিলাগৰাকীক চাকৰিৰ পৰা অৱ্যাহতি ল’বলৈ বাধ্য কৰাইছিল। এই সম্পৰ্কে অভিযোগকাৰীয়ে তদানীন্তন স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ওচৰলৈ গৈ ঘটনাৰ সবিশেষ জনাইছিল যদিও এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে।

এতিয়া এই ঘটনা সন্দৰ্ভত অভিযোগকাৰীয়ে অসমৰ মুখ্য সচিবক বিষয়টো ৭দিনৰ ভিতৰত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। অন্যথা অসমৰ নাগৰিকে ন্যায় সুৰক্ষিত কৰাৰ স্বাৰ্থত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি স্পষ্ট ভাষাৰে উল্লেখ কৰে। পত্ৰখনৰ এটা প্ৰতিলিপি নতুন দিল্লীৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈও প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।