গুৱাহাটী

আপৰ কেইবাগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই যোগদান কৰিলে বিজেপিত

Asomiya Pratidin

ডিজিটেল ডেস্ক : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী ঐক্যত মোক্ষম আঘাত। বৃহস্পতিবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছতে বিৰোধী ঐক্যৰ ভিতৰচ'ৰাত ই এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে।

উক্ত ঘটনাৰ পাছতে আম আদমি পাৰ্টিত খহনীয়াৰ সৃষ্টি হৈছে। অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ পাছত আপ অসমৰ ভালেকেইগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাই শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে।

আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু নেতৃবৃন্দৰ উপস্থিতিত আপ অসমৰ কেইবাগৰাকী নেতা তথা কৰ্মীয়ে বিজেপিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে। কেইগৰাকীকে দলীয় টুপি পিন্ধাই বিজেপিৰ মজিয়ালৈ আদৰণি জনায়।

উক্ত অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে যে, আপৰ শীর্ষ নেতাই দিল্লীৰ সুৰা দুর্নীতিত লিপ্ত হৈ নিজকে স্খলনৰ দিশলৈ নিলে। এই নিন্দাজনক ঘটনাৰ বিৰোধ কৰি আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদী দূৰদর্শী নেতৃত্বক সমর্থন কৰি আজি গুৱাহাটী আম আদমী পার্টীৰ বহুকেইজন জ্যেষ্ঠ কার্যকর্তাই ভাৰতীয় জনতা পার্টিত যোগদান কৰে।