চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই চৰম পন্থা ল'লে গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই... 
গুৱাহাটী

চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই চৰম পন্থা ল'লে গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। ৰাজ্যৰ এগৰাকী শীৰ্ষ আমোলাই এখন ব্যক্তিগত হাস্পতালত নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যা কৰাৰ খবৰ লাভ কৰা হৈছে।

জানিব পৰা মতে গৃহ বিভাগৰ সচিব শিলাদিত্য চেতিয়াই সংঘটিত কৰিছে এই ঘটনা। জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকীয়ে মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ আই চি ইউৰ এটা আচুতীয়া কোঠাত সংঘটিত কৰিছে এই ঘটনা।

উল্লেখ্য যে, আজিয়েই তেওঁৰ চিকিৎসাধীন পত্নীৰো মৃত্যু হয়। ইয়াৰ পাছতে তেওঁ সংঘটিত কৰে এই ঘটনা। চেতিয়া যোৱা দুমাহ ধৰি ব্যক্তিগত অসুবিধাৰ হেতু বিধিগত ভাৱেই ছুটিত আছিল।

দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা পত্নীৰ চিকিৎসাৰ বাবেই তেওঁ ছুটি লৈছিল। সেই অনুসৰিয়েই পত্নীৰ চিকিৎসা চলাই আছিল। কিন্তু দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত পত্নী সুস্থ হৈ নুঠিল। বৰঞ্চ আজি তেওঁ চিকিৎসালয়ৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰে।

ইয়াৰ পিছতে মানসিক অস্থিৰতাৰ বলি হৈ জ্যেষ্ঠ আই পি এছ বিষয়াগৰাকীয়ে হাস্পতালখনৰ এটা আচুতীয়া কোঠাত নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত গুলীয়াই আত্মহত্যাৰ পথ বাচি লয়। এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে কেৱল মানসিক অস্থিৰাতৰ বাবেই তেওঁ এই ঘটনা সংঘটিত কৰিলে নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।

উল্লেখ্য যে, বিষয়াগৰাকীক ২৯ জানুৱাৰী, ২০২৩ ত চতুৰ্থ এ পি বি এনৰ অধিনায়ক পদৰ পৰা ৰাজ্য চৰকাৰে গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব পদলৈ বদলি কৰিছিল। তেতিয়াৰে পৰা তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰি আছিল।