গুৱাহাটী

দৰদী শিল্পী অৰুণ দাসৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটী: "অকলে অকলে মই কিমান কান্দিম", " ভুল নুবুজিবা", "নালাগে মিছা মৰম" আদি গীতেৰে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা বিশিষ্ট গীতিকাৰ, নিপুণ কন্ঠশিল্পী অৰুণ দাসে জীৱন নাট সামৰাত ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰি দৰদী শিল্পী জনাৰ ক্ষোভ-বেদনা, সঁচা প্ৰেম, জীৱন-দৰ্শন সোঁৱৰিছে।

এক প্ৰেছ বিবৃতিত বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ "বহুবাক"ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়, "আমি হেৰুৱালোঁ এজন সঁচা, নিভাঁজ শিল্পীক। অৰুণ দাসৰ গীতত দৰদ ভাষা, অতীতৰ গোপন স্মৃতি আদি প্ৰকাশ পাইছিল। আমৃত্যু মানুহজনে জীৱন সংগ্ৰাম কৰিয়ে কটালে । কঠোৰৰ কঠোৰ সময় তেওঁ পাৰ কৰিছিল । গুৱাহাটীৰ এটি সাধাৰণ ভাড়াঘৰত থাকিয়ে জীৱন নাট সামৰিলে । সচাঁ মানুহৰ শিল্পী আছিল । আজিৰ তথাকথিত শিল্পীসমাজৰ পৰা বহু দূৰৈত তেওঁৰ অৱস্থান আছিল । অৰুণ দাসে আৰু সেইবাবে লিখি থৈ গাই গল - তুমি জানো জানা সোণ কিমান মৰম সাঁচিছিলো গোপনে গোপনে বা মনৰ যাতনা তুমি নুবুজিবা"।

অলেখ গীতৰ স্ৰষ্টা, শিল্পী অৰুণ দাসৰ বিয়োগত সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ শচীন দাসেও শোক প্ৰকাশ কৰিছে।

লগতে বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতী, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, "আসাম লুতাদ" ৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিং, "মাহেকীয়া সংযোগ" ৰ সম্পাদক প্ৰশান্ত গগৈ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, স্বেচ্ছাসেৱী অনুষ্ঠান "ৰং" আদি ভিন-ভিন দল-সংগঠন গভীৰ শোক প্ৰকাশ কৰে । প্ৰতিটো দল-সংগঠনে তেওঁৰ সৃষ্টিৰাজিসমূহ সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰৰ সু ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ বিনম্ৰতাৰে অনুৰোধ কৰে ।