সুচেন্দ্ৰ নাথ ভূঞাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বৰ্ক্তৃতা অনুষ্ঠান সম্পন্ন  
গুৱাহাটী

সুচেন্দ্ৰ নাথ ভূঞাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বৰ্ক্তৃতা অনুষ্ঠান সম্পন্ন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট আইনজ্ঞ তথা ৰাজনীতিবিদ স্বৰ্গীয় সুচেন্দ্ৰ নাথ ভূঞাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক বক্তৃতা অনুষ্ঠান সম্পন্ন হৈ যায়। এই বক্তৃতা অনুষ্ঠানত নিৰ্ধাৰিত বিষয়ত বৰ্ক্তৃতা প্ৰদান কৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ বি.আৰ. গাভায়ে।

১৯২৪ চনৰ ২৯ জুলাইত নগাঁও জিলাৰ কামপুৰৰ নিজনাৰিকলি গাঁৱত জন্মগ্ৰহণ কৰা সুচেন্দ্ৰ নাথ ভূঞা আছিল এগৰাকী স্বাধীনতা সংগ্ৰামীও। ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী ভূঞা সেই সময়ত ব্ৰিটিছ চৰকাৰৰ নজৰতো বন্দী হৈছিল। অৱশ্যে তেওঁৰ সাহসীকতাৰ বাবেই বাৰে বাৰে ৰক্ষা পৰিছিল।

ভাৰত স্বাধীন হোৱাৰ পিছত কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাগ্ৰহণ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা ভূঞাই পৰৱৰ্তী সময়ত বাওঁপন্থী ৰাজনীতিৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিছিল।

তেওঁ ১৯৪৭ চনত অসম ছাত্ৰ সন্মিলানৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৫১ চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে কমিউনিষ্ট পাৰ্টিৰ হোৱা বিবাদৰ সময়ত তেওঁ কাৰাবাস খাটিবলগীয়াও হৈছিল।

ভূঞাৰ শৈক্ষিক পৰামৰ্শদাতা আছিল ড০ সূৰ্য কুমাৰ ভূঞা আৰু ড০ বিৰিঞ্চি কুমাৰ বৰুৱা আদি। তেওঁলোকৰ পৰামৰ্শ মতেই পৰৱৰ্তী সময়ত চৰকাৰী আইন মহাবিদ্যালয়ত আইন বিষয়ৰ ওপৰত অধ্যয়ন কৰি ১৯৫৭ চনত এল এল বি সম্পূৰ্ণ কৰে।

পৰৱৰ্তী সময়ত তেওঁ ফখৰুদ্দিন আলী আহমেদৰ অধীনত অধিবক্তা হিচাপে অনুশীলন আৰম্ভ কৰি  ১৯৫৮ চনত আইনী কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত অতি কম সময়তে তেওঁ নিজকে এগৰাকী সফল অধিবক্তা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

১৯৭৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে ভূঞাক জ্যেষ্ঠ অধিবক্তা হিচাপে স্বীকৃতি দিয়াৰ পিছত তেওঁ দুবাৰকৈ অসমৰ এডভোকেট জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আইনী বৃত্তিত ভূঞাৰ অৱদান যথেষ্ট। তেওঁ হৈ পৰিছিল বহু যুৱ অধিবক্তাৰ পৰামৰ্শদাতা।

এগৰাকী মানৱ দৰদী আৰু সমাজহিতৈষী তথা শান্তিপ্ৰিয় ব্যক্তি হিচাপেও পৰিচিত ভূঞাই জন্মস্থান কামপুৰ আৰু গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ পৰিছিল। অসমৰ অস্থিৰ সময়ছোৱাত হিংসাৰ বলি হোৱা সকলৰ বাবে তেওঁ থিয় দিছিল।

এইগৰাকী বিশিষ্ট আইনজ্ঞৰ জন্ম শত বাৰ্ষিকী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিবলৈ আহিছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ বি.আৰ. গাভাই। তেওঁ নিৰ্ধাৰিত "ভাৰতৰ সংবিধানৰ ৭৫ বছৰ: ড০ আম্বেদকাৰৰ দৃষ্টিভংগী আৰু সামাজিক ন্যায়" শীৰ্ষক নিৰ্ধাৰিত বিষয়ৰ ওপৰত দিয়া বক্তৃতাত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰে।