বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ভূপেন চন্দ্ৰ শৰ্মাৰ বিয়োগত শোক... 
গুৱাহাটী

বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী ভূপেন চন্দ্ৰ শৰ্মাৰ বিয়োগত শোক...

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ পূব জ্যোতিনগৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী ভূপেন চন্দ্ৰ শৰ্মা আৰু নাই। বুধবাৰে বিয়লি বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত তেখেতৰ মৃতু ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। উল্লেখযোগ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নৃতত্ব বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিয়ে শৰ্মাই কানৈ মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিল। অৱশ্যে পিছলৈ প্ৰবক্তাৰ চাকৰি এৰি ভাৰতীয় খাদ্য নিগমৰ উচ্চ পদস্থ বিষয়া হিচাপে যোগদান কৰে আৰু ইয়াৰ পৰাই ২০০৯ বৰ্ষত অৱসৰ গ্ৰহণ কৰে।

মৃত্যুৰ আগমুহূৰ্তলৈকে পূব জ্যোতিনগৰ নামঘৰৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ সামাজিক কাম-কাজ সুচাৰুৰূপে পালন কৰিছিল। প্ৰয়াত শৰ্মাৰ জন্মস্থানৰ নলবাৰী জিলাৰ আৰঙ্গমৌ দূৰ্গা পূজা সমিতিৰ লগতো তেওঁৰ আছিল নিবিড় সম্পৰ্ক।

তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত শৰ্মাই পত্নী,দুই পুত্ৰ, বোৱাৰী, এগৰাকী কন্যা, জোঁৱাই আৰু নাতি নাতিনীৰ লগতে অজস্ৰ আত্মীয়ক এৰি থৈ যায়।