Sonapur Eviction: সোণাপুৰৰ উচ্ছেদস্থলীত জিপি সিঙঃ ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা...  
গুৱাহাটী

Sonapur Eviction: সোণাপুৰৰ উচ্ছেদস্থলীত জিপি সিঙঃ ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে তদন্ত ঘোষণা...

চাৰিদিনে শান্তিৰে চলি থকা উচ্ছেদ অভিযান কেনেকৈ হ'ল হিংসাত্মক? প্ৰৰোচক, ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোমৰীয়া, কচুতলী আদি অঞ্চলৰ ট্ৰাইবেল বেল্টৰ ভূমি বেদখল কৰি বসতি স্থাপন কৰা সন্দেহযুক্ত লোকক উচ্ছেদ চলোৱাৰ মাজতে বৃহস্পতিবাৰে সংঘটিত হয় হিংসাত্মক পৰিস্থিতি। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ অভিযান প্ৰথম পৰ্যায়ত শান্তি পূৰ্ণভাৱেই চলি আছিল যদিও হঠাৎ ১২ ছেপ্টেম্বৰ, শুকুৰবাৰে কেনেকৈ হিংসাত্মক পৰিস্থিতি সংঘটিত হ'বলৈ পালে তাক লৈ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে (DGP GP Singh)।

বৃহস্পতিবাৰে সংঘটিত হোৱা বিক্ষিপ্ত ঘটনাৰ পাছতেই আজি সোণাপুৰৰ উচ্ছেদস্থলী (Sonapur Eviction) পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। এই সময়ত তেওঁ উচ্ছেদিত ৰাইজক কোনো এক চক্ৰই ষড়যন্ত্ৰৰে প্ৰৰোচিত কৰাৰো সন্দেহ ব্যক্ত কৰে।

সোণাপুৰৰ এই ট্ৰাইবেল বেল্ট (Sonapur Tribal Belt) ত উচ্ছেদ অভিযান চলোৱাৰ প্ৰসংগত জি পি সিঙে কয়, ''যোৱা ডেৰমাহ-দুইমাহ ধৰি আপোনালোকে সামাজিক মাধ্যমত দেখিছে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma) মহোদয়েও এই কথা কৈছে যে, কিছুমান নতুনকৈ বাংলাদেশৰ পৰা ঘূৰি অহা মানুহ অসমত আৰু অসমৰ হৈ বেলেগ বেলেগ ঠাইলৈ যাবলৈ বিচাৰিছে। তেনেকুৱা কিবা ঘটনা ইয়াত চলি থকাৰ আমাৰ সন্দেহ হৈছিল। আমি এই বিষয়ে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছিলো। তাৰ পাছতে মুখ্যমন্ত্ৰী মহোদয়ে আমাক ইয়াত উচ্ছেদ অভিযানৰ নিৰ্দেশ দিয়ে।

তেওঁ উচ্ছেদস্থলীত বাস কৰি থকা লোকসকলে অবৈধভাৱে বাস কৰি থকাৰ কথা উল্লেখ কৰি কয়, ১৮৮৬ ৰ আছাম লেণ্ড ৰেগুলেছনৰ আধাৰত ১৯৫০ ত সোণাপুৰ অঞ্চলক ট্ৰাইবেল বেল্ট হিচাপে ঘোষণা কৰা হৈছিল। ইয়াত যিখিনি মানুহ বাস কৰি আছে আৰু নতুনকৈ যিখিনি মানুহ আহিবলৈ চেষ্টা কৰি আছে তেওঁলোক সংৰক্ষিত শ্ৰেণীৰ ভিতৰত নপৰে। এই বিষয়ে জিলা আয়ুক্ত (Deputy Commissioner of Guwahati) ডাঙৰীয়াই আমাৰ আৰক্ষী আয়ুক্ত (Police Commissioner) আৰু চৰকাৰক জনাইছে। চৰকাৰৰ পৰা নিৰ্দেশনা আহিছে অবৈধভাৱে বাস কৰি থকা লোকসকলৰ বিৰুদ্ধে আছাম লেণ্ড ৰেগুলুছন অফ-২০১৯ ৰ মতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি প্ৰায় ৭ দিন আগতে আমি ইয়াত বাস কৰি থকা লোকসকলক তেওঁলোক বেআইনীভাৱে বসবাস কৰি থকাৰ থকা অৱগত কৰিছিলো।''

তেওঁ কয়, সোমবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰত নিয়ম অনুসৰি ইয়াত উচ্ছেদ চলোৱা হৈছিল। ৯ তাৰিখৰ পৰা উচ্ছেদ অভিযান ভালকৈয়ে চলিছে। কালিলৈকে ২৪৮ বিঘা মাটিত থকা ইয়াৰ প্ৰায় ১৫১ পৰিয়ালক উচ্ছেদ কৰা হৈছে। ইয়াত প্ৰায় ৩০০ মান ঘৰ আছিল। কিন্তু কালি হঠাৎ এটা গোটে উঠি আহি আৰক্ষীক টাৰ্গেত কৰিবলৈ ল'লে। দা, জাঠি আদি লৈ আৰক্ষীক টাৰ্গেত কৰা হ'ল। ইয়াত ৰে'লৱে লাইন আছে। সেই ৰে'লৱে লাইনৰ পৰাও আৰক্ষীৰ ওপৰত শিলগুটিৰে আক্ৰমণ কৰা হ'ল। আমাৰ বহু কেইখন গাড়ীৰ ক্ষতি হ'ল। আমাৰ প্ৰায় ২২/২৩ জন আৰক্ষী আৰু চৰকাৰী কৰ্তব্যৰত বিষয়া আহত হল। তেওঁলোকৰ ফটোসমূহ আমি কালি সামাজিক মাধ্যমত ৰাইজৰ লগত শ্বেয়াৰ কৰিছো।

নিৰ্দিষ্ট এটা গোটৰ এনে সংগবদ্ধ আক্ৰমণ চলাই এনে পৰিস্থিতিৰ সূচনা কৰাৰ বাবেই আৰক্ষীয়ে শক্তি প্ৰয়োগ কৰিবলগীয়া হোৱা বুলিও আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰিছে। তেওঁ কয়, গোটেই প্ৰক্ৰিয়া অনুসৰণ কৰাৰ পাছত আৰক্ষীয়ে শক্তি প্ৰয়োগ কৰিছে। শক্তি প্ৰয়োগ কৰাত ইয়াত কিছু সাধাৰণ মানুহ আহত হৈছে। এই আহত লোকসকলৰ ভিতৰত দুজনৰ মৃত্যু হৈছে। তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

ইফালে আৰক্ষীৰ ওপৰত হোৱা এনে সংগবদ্ধ আক্ৰমণৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে জি পি সিঙে। শান্তিৰে চলি থকা উচ্ছেদ অভিযান হঠাৎ কেনেকৈ হিংসাত্মক ৰূপ ধাৰণ কৰিলে, ইয়াৰ আঁৰত কোন ষড়যন্ত্ৰকাৰী আছে বা প্ৰৰোচক আছে সেই বিষয়ে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰা (Police Commissioner Diganta Borah)ক। ইতিমধ্যে এই সংক্ৰান্তত এটা গোচৰ পঞ্জীয়ন কৰি বহু কেইজন লোকক আটক কৰা হৈছে।

তাৰোপৰি উচ্ছেদস্থলীৰ কাষতে থকা ৰে'ল লাইনৰ পৰাও আৰক্ষীক যিদৰে আক্ৰমণ কৰা হ'ল সেই আক্ৰমণৰ আঁৰত ৰে'লৱেৰো কিবা ক্ষতি কৰাৰ পৰিকল্পনা আছিল নেকি বুলিও সন্দেহ ওপজিছে আৰক্ষীৰ। ৰে'লৱেৰ সম্পত্তি দুৰ্ব্যৱহাৰ কৰি আৰক্ষীক আক্ৰমণ কৰা আৰু ৰে'লৱেৰ ক্ষতি কৰা পৰিকল্পনা কৰাৰ বাবেও এই ৰে'ল আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

উল্লেখ্য যে, সোণাপুৰত বৃহস্পতিবাৰে সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত সোণাপুৰ ৰাজহ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ, উপ আৰক্ষী আয়ুক্ত (পূব) মৃণাল ডেকা, হাবিলদাৰ দ্বীপেন গগৈ, কনিষ্টবল অমৰজ্যোতি বৰুৱা, মানৱজ্যোতি চেতিয়া, কুশল পাতৰ, ৰুণা লেইলা চৌধুৰী, বন্তী বড়ো, ধিল্লন টাণ্টুবাৰী, জোনমণি পাঠক, মামণি ৰয়, হীৰকজ্যোতি শইকীয়া, মানজিত টেৰং, দিম্বেশ্বৰ ডাহাল, প্ৰাঞ্জল বৰুৱা, ধ্ৰুৱ ৰাজবংশী, সুনীলা সিনহা, জিতু চৌধুৰী, ছালিয়া বেগম লছকৰ, অনামিকা বৰ্মন, মুজ্জামিল হুছেইন আৰু বিশ্বজিত তালুকদাৰ আহত হৈছে। আনহাতে এই ঘটনাত নিহত হৈছে দুজন উচ্ছেদিত লোক। তেওঁলোক ক্ৰমে হাইদৰ আলী আৰু জোহাহিদ আলী।