গুৱাহাটী

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণক লৈ বিশেষ পথ নিৰ্দেশনা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ২৯ এপ্ৰিল সোমবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সমৰ্থনত গৃহ মন্ত্ৰীগৰাকীয়ে এক ৰোড শ্বত অংশগ্ৰহণ কৰিব। প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাব গৃহ মন্ত্ৰী শ্বাহে।

গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে চাইকেল ফেক্টৰীৰ পৰা লালা গণেশলৈ প্ৰায় লক্ষাধিক সমৰ্থকক লগত লৈ এক সমদলত অংশ ল’ব। তেঁওৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিত মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে বিশেষ পথ-নিৰ্দেশনা।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অসম ভ্রমণক লৈ জাৰি বিশেষ পথ নিৰ্দেশনাসমূহ উল্লেখ কৰা হ'ল-

  • দুপৰীয়া ১২-০০ বজাৰ পৰা নিশা ৯-০০ বজালৈ এই নিৰ্দেশনা।

  • কেইবাটাও পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

  • VIP উৰণ সেতুৰ পৰা জালুকবাৰীৰ ৰটাৰীলৈ নিষেধাজ্ঞা।

  • DG ৰোড, MG ৰোড, RKB ৰোড, AK আজাদ ৰোডত নিষেধাজ্ঞা।

  • BK কাকতি ৰোডতো বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

  • এই পথসমূহত লেহেমীয়া বাহন চলাচলতো নিষেধাজ্ঞা।

  • জৰুৰীকালীন সেৱাৰ ক্ষেত্রত নাথাকে নিষেধাজ্ঞা।