গুৱাহাটী

ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ বৰ্ষপুৰ্তি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউটৰ ১৬ আৰু ১৭ ফেব্ৰুৱাৰী দুদিনীয়া কাৰ্যসূচীৰে ৭বছৰীয়া বৰ্ষপুৰ্তি অনুষ্ঠান পালন কৰা হয় । ইয়াৰে ১৬ ফেব্ৰুৱাৰী শুকুৰবাৰে প্ৰথম দিনৰ কাৰ্যসূচী সম্পন্ন কৰা হয়।

কাৰ্যসূচী অনুযায়ী শুকুৰবাৰে জি এম চি এইছ, কেঞ্চাৰ ইনষ্টিটিউট প্ৰেক্ষাগৃহত এখনি বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰ ৰোগ সন্দৰ্ভত গৱেষণামূলক দীঘলীয়া আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়।

চিকিৎসাখণ্ডৰ কেইবাগৰাকী চিকিৎসকে উক্ত আলোচনাচক্ৰত ভাগ লয়। ইয়াৰে ভিতৰত ডা০ গণেশ দাস, ডা০ গৌতম শৰ্মা, ডা০ প্ৰিয়ংকা শৰ্মা, ডা০ উমেশ দাস, ডা০ পলাশজ্যোতি দাস আদিয়ে এই আলোচনাত ভাগ লয়।

আনহাতে অনুষ্ঠানত পোষ্টাৰ উপস্থাপনৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ কেঞ্চাৰৰ বিষয়ে সম্যক ধাৰণা দিয়াৰ চেষ্টা কৰা হয়। গৱেষক চিকিৎসকসকলে বিভিন্ন সময়ত গৱেষণাৰ জৰিয়তে পোৱা নতুন নতুন উদ্ভাৱনী কৌশলৰ বিষয়ে পোষ্টাৰ উপস্থাপনৰ দ্বাৰা দেখুওৱা হয়।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা আলোচনাচক্ৰৰ 'লিভাৰ ট্ৰান্সপ্লেন্ট' আছিল অন্যতম আলোচ্য বিষয়। ইয়াৰ দ্বাৰা বিভিন্ন ধৰণে পোৱা তথ্যসমূহৰ বিষয়ে অৱগত কৰা আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে সমাজত দাঙি ধৰা এই আলোচনাৰ উদ্দেশ্য। সেয়েহে এই সন্দৰ্ভত কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে বক্তব্য প্ৰদান কৰে।

ধপাত সেৱনকে ধৰি নিচাজাতীয় পদাৰ্থ সেৱনৰ ফলত লিভাৰ তথা শৰীৰত সৃষ্ট প্ৰভাৱৰ বিষয়ে উক্ত আলোচনাত গুৰুত্ব দিয়া হয়। আনহাতে ভালেকেইগৰাকী বিশেষজ্ঞ চিকিৎসকে পোষ্টাৰৰ জৰিয়তে কেঞ্চাৰ ৰোগ সন্দৰ্ভত কেতবোৰ বিশ্লেষণাত্মক মন্তব্য আগবঢ়ায়।

ইফালে দিনৰ ১২-০০ বজাৰ পৰা আৰম্ভ হোৱা আলোচনাসত্ৰত ডা০ সুভাষ গুপ্তাই 'হেপাটো বিলিয়াৰী মেলিগনেন্সি' সম্পৰ্কে বক্তব্য দাঙি ধৰাৰ লগতে বিশেষজ্ঞ চিকিৎসকলে ব্যাখ্যা আগবঢ়ায়। ইয়াৰোপৰি ডা০ সান্তনা কাশ্যপ বৰুৱাই Pain & Palliative Medicine সম্পৰ্কে বিশ্লেষাণাত্মক বক্তব্য দাঙি ধৰে।

ডা০ সান্তনা কাশ্যপ বৰুৱাই উক্ত বিষয়বস্তুৰ ইতিহাস, বুনিয়াদ আৰু সাম্প্ৰতিক অৱস্থাৰ বিষয়ে বহলাই আলোচনা কৰে। তাৰোপৰি ইয়াৰ উপযোগিতা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে বিষদভাৱে উপস্থাপন কৰে। আনহাতে উপস্থিত জ্যেষ্ঠ চিকিৎসক আৰু গৱেষক চিকিৎসকৰ সৈতেও তেওঁ বিষয়বস্তু সম্পৰ্কে মত বিনিময় কৰে।

উক্ত অনুষ্ঠানৰ দ্বিতীয় লানি আলোচনাত Management of Differentiated Thyroid Cancerৰকে ধৰি ভালেকেইটা বিষয়ত আলোচনা কৰা হ'ব। অনুষ্ঠানত কেঞ্চাৰ ইনষ্টিটিউটৰ সঞ্চালক ডা০ স্মৃতি গোস্বামী, বিশেষজ্ঞ চিকিৎসক, জ্যেষ্ঠ চিকিৎসকসকলৰ উপৰি গৱেষক চিকিৎসকসকল উপস্থিত থাকে। অনুষ্ঠানৰ বিষয়ববীয়াই জনোৱা অনুসৰি ১৭ ফেব্ৰুৱাৰী শনিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী নেডফি্ হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব।