গুৱাহাটী

গুৱাহাটীত ৰাজ্যিক সামাজিক ন্যায় মঞ্চ গঠন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : সমাজৰ দৰিদ্ৰ তথা উপেক্ষিত শ্ৰেণীয়ে ক্ষমতাশীলসকলৰ হাতত সামাজিক ন্যায়ৰ লগতে ন্যায়িক সুৰক্ষাৰ পৰা বঞ্চিত হৈ আহিছে। আইন আদালতৰ ক্ষেত্ৰত ন্যূনতম সচেতনতা নথকা বাবে প্ৰকৃত ন্যায় প্ৰাপ্তিত সৰ্বসাধাৰণ ৰাইজে অযথা হাৰাশাস্তি ভোগ কৰিব লগা হোৱাত ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে।

এনে কিছু দায়বদ্ধতাৰে, সমাজত প্ৰকৃত ন্যায় প্ৰতিষ্ঠাৰ বাবে সোমবাৰে গুৱাহাটীৰ উজানবজাৰ, এম.জি. ৰোডত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়। এই সভাতে 'ৰাজ্যিক সামাজিক ন্যায় মঞ্চ, গুৱাহাটী, অসম' নামকৰণেৰে এটি অনুষ্ঠানৰ জন্ম দিয়া হয়। এক সুদৰ প্ৰসাৰী চিন্তাৰে গঠিত এই মঞ্চৰ মুল লক্ষ্য হৈছে অসমত দৰিদ্ৰ আৰু নিৰুপায় লোকসকলৰ সমগ্ৰ উন্নতি আৰু কল্যাণ।

এই সভাতে সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এখন সমিতি গঠন কৰা হয়। বিশিষ্ট সমাজকৰ্মী শ্ৰী ৰুদ্রাংকুৰ হাজৰিকাক সৰ্বসন্মতি ক্ৰমে মঞ্চৰ সভাপতি হিচাপে মনোনীত কৰা হয়।

বিশিষ্ট এডভোকেট ড° বিবেকানন্দ গগৈক মুখ্য উপদেষ্টা ৰূপে লৈ গঠিত সমিতিত প্ৰফেছৰ মানৱজ্যোতি বৰদলৈ, দিব্যজ্যোতি বৰুৱা, ত্ৰিদিৱ দত্ত আৰু মনালিছা বৰুৱাক অন্যতম উপদেষ্টা হিচাপে সভাই মনোনীত কৰে। সেইদৰে প্ৰশাসনিক ভূমিকৰ ক্ষেত্ৰত উপ সভাপতি ৰূপে অঞ্জুমণি বৰগোহাঁইক লৈ অনুষ্ঠানটোৰ সাধাৰণ সম্পাদকৰূপে মিতালী গগৈক বাচনি কৰা হয়।

আনহাতে জনসংযোগ সমন্বয়ক কৰবী লহকৰ, ন্যায়িক বিষয়সমূহৰ সমন্বয়ক অমৃত নাথ আৰু প্ৰশাসনীয় সমন্বয়ক হিচাপে নিৰঞ্জন বৰুৱাক সভাই মনোনীত কৰে। অসমত সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক নতুন দৃষ্টিভংগীৰে, উপেক্ষিত লোকসকলৰ অধিকাৰ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে আৰু অসমৰ সামাজিক জীৱনৰ আমুল পৰিবৰ্তন অনাৰ সংকল্পৰে গঠিত হোৱা এই মঞ্চই অনাগত দিনবোৰত সভাপতি ৰুদ্রাংকুৰ হাজৰিকাৰ গতিশীল নেতৃত্বত, মঞ্চই দৰিদ্ৰ ন্যায়প্ৰার্থীসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে অক্লান্তভাৱে কাম কৰিব আৰু ন্যায় প্ৰতিষ্ঠা নিশ্চিত কৰিব বুলি মতপ্ৰকাশ কৰে।

মুখ্য উপদেষ্টা ড০ বিবেকানন্দ গগৈয়ে উজানবজাত মুখ্য কাৰ্যালয় চলাই নিবৰ বাবে এটি কোঠা আৱন্তন দিয়া বাবে সভাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। সভাত সকলো শ্ৰেণীৰ ৰাইজৰ অকুন্ঠ সহযোগিতা কামনা কৰিছে বুলি সাধাৰণ সম্পাদক মিতালি গগৈয়ে জানিবলৈ দিয়ে।