১ লাখ ৯২ হাজাৰ নকল টকাসহ এজনক আটক... 
গুৱাহাটী

১ লাখ ৯২ হাজাৰ নকল টকাসহ এজনক আটক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে নকল নোটৰ ৰমৰমীয়া ব্যৱসায়। সোমবাৰে বিশেষ তদন্তকাৰী গোটে এনে নকল সোণ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটী মহানগৰীত সোমবাৰে বিশেষ তদন্তকাৰী গোটে অভিযান চলাই গঢ়চুক আৰক্ষী থানা এলেকাৰ ৰাজীৱ গান্ধী পথৰ পৰা নকল নোটসহ এজনক আটক কৰিবলৈ সক্ষম হৈছে।

ধৃত লোকজনৰ নাম গুলজাৰ। জানিব পৰা মতে ধৃত গুলজাৰৰ ঘৰ উত্তৰ প্ৰদেশত। বৰ্তমান তেওঁৰ ঠিকনা লালগণেশৰ হনুমান মন্দিৰ। তেওঁৰ পৰা আৰক্ষীয়ে নগদ ১ লাখ ৯২ হাজাৰ টকা জব্দ কৰিছে। জব্দ কৰা এই আটাইখিনি নোটেই ৫০০ টকীয়া। ইয়াৰোপৰি আৰক্ষীয়ে জব্দ কৰিছে এটা মোবাইল ফোন।