গুৱাহাটী

প্ৰায় বিষয়তে ৯০ৰো ওপৰ, কম্পিউটাৰতে নাহিল তেজস্বিনীৰ নম্বৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল । ৰাজ্যৰ বহুকেইখন জিলাৰ বহুতেই স্থান লাভ কৰাৰ লগতে বহু ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈছে । বহুতৰ ঘৰত আজি হাঁঁহি বিৰিঙিছে । উলাহ, আনন্দৰে নধৰা হৈছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা পৰিয়ালৰ লোকৰ মাজত । প্ৰতিগৰাকী কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ ঘৰত আনন্দৰ জোৱাৰ উঠাৰ বিপৰীতে তেজস্বিনী ফুকনৰ বাসগৃহত নাই কোনো আনন্দ-উল্লাস ।

কিয়নো তেজস্বিনীয়ে বহুকেইটা বিষয়তে ৯০ তকৈও অধিক লাভ কৰিও উত্তীৰ্ণ হ'ব নোৱাৰিলে । ছাত্ৰীগৰাকীয়ে ইংৰাজী বিষয়ত লাভ কৰিছে ৯০, ঐছিক ইংৰাজীত ৯৩, অংকত ৩৯, অৰ্থনীতিত ৯১, শিক্ষাত ৯১ নম্বৰ লাভ কৰিছে । ইয়াৰ বিপৰীতে ছাত্ৰীগৰাকীয়ে কম্পিউটাৰ পৰীক্ষা দিবলৈ গৈছিল যদিও মাৰ্কশ্বীটত অনুপস্থিতি আহিছে । যাৰ ফলত মেধাৱী ছাত্ৰীগৰাকীৰ বাসগৃহত এতিয়া দুখৰ পৰিৱেশে বিৰাজ কৰিছে ।

এতিয়া প্ৰশ্ন হ'ল ছাত্ৰীগৰাকীয়ে পৰীক্ষা দিবলৈ গৈয়ো অনুপস্থিতি অহাৰ বিষয়টোৰ বাবে দায়ী কোন ? যাৰ বাবে আজি ঘোষিত ফলাফলৰ আনন্দৰ পৰা বঞ্চিত হ'ল ছাত্ৰীগৰাকী তথা পৰিয়ালৰ লোকসকল । শিক্ষা বিভাগৰ এনে কাণ্ডজ্ঞানহীন কৰ্মৰ বাবে এতিয়া ৰাজ্যৰ সচেতন মহলৰ চকু কপালত উঠিছে । সকলোৱে এই ঘটনাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ হস্তক্ষেপৰ দাবী তুলিছে, যাতে ছাত্ৰীগৰাকীয়ে অতি শীঘ্ৰেই এই ঘটনাৰ ন্যায় লাভ কৰে ।