আদাবাৰীত বাহন আগচি দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ সোণৰ চেইন... 
গুৱাহাটী

আদাবাৰীত বাহন আগচি দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ সোণৰ চেইন...

Asomiya Pratidin
  • মহানগৰীৰ আদাবাৰীত নিশা চেইন চুৰিৰ ঘটনা।

  • বাহন আগচি ধৰি মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন।

  • বাইকত হেলমেট পিন্ধি অহা দুৰ্বৃত্তই সংঘটিত কৰিলে এই ঘটনা।

  • চাৰি চকীয়া বাহনখনত আছিল নজৰুল ইছলাম আৰু পত্নী নেইনা বেগম।

  • তেওঁলোক গৌৰীপুৰৰ পৰা আহি আছিল গুৱাহাটী অভিমুখে।

  • প্ৰথমে দুৰ্বত্তই বাহনখনেৰে দুৰ্ঘটনা সংঘটিত কৰে বুলি আগচি ধৰে।

  • পৰৱৰ্তী সময়ত আন দুখন বাইক আহি উপস্থিত হয় ঘটনাস্থলীত।

  • তাৰ পাছতে মহিলাগৰাকীক অশ্লীল গালি-গালাজো কৰে দুৰ্বৃত্তই।

  • ঘটনা সংঘটিত কৰি সুযোগ বুজি পলায়ন কৰে দুৰ্বৃত্ত।

  • ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ।