কংগ্ৰেছত বিদ্ৰোহঃ তিনি কংগ্ৰেছ নেতাই ত্যাগ কৰিব দল... 
গুৱাহাটী

কংগ্ৰেছত বিদ্ৰোহঃ তিনি কংগ্ৰেছ নেতাই ত্যাগ কৰিব দল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভাৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে ৰাজ্যৰ ৰাজনীতিত ব্যাপক পট পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাহুল গান্ধীয়ে অসমতো ভাৰত জোড়ো ন্যায় যাত্ৰাৰে ১৭ খনকৈ জিলাক স্পৰ্শ কৰি যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে অসম প্ৰদেশ কংগ্ৰেছত দেখা পোৱা গৈছে বিদ্ৰোহৰ উকমুকনি।

দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কংগ্ৰেছ ত্যাগ কৰি পুনৰ অসম গণ পৰিষদলৈ ঘূৰি যোৱাৰ চিন্তা কৰিছে। জানিব পৰা মতে বুধবাৰে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে।

একালৰ এইগৰাকী অগপ নেতাই তৰুণ গগৈৰ কাৰ্যকালতে কংগ্ৰেছত যোগদান কৰিছিল যদিও এতিয়া পুনৰ অগপলৈ ঘূৰি যোৱাটো নিশ্চিত হৈছে। ইফালে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰয়েও কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

সদৌ অসম ছাত্ৰ সন্থাৰ একালৰ সভাপতি শংকৰ প্ৰসাদ ৰয়ে সম্পাদক তপন গগৈয়েৰ সৈতে বিজেপিত যোগদান কৰিছিল। পৰৱৰ্তী সময়ত শংকৰ প্ৰসাদ ৰয়ে বিজেপি ত্যাগ কৰি যোগদান কৰিছিল কংগ্ৰেছত। কিন্তু সতীৰ্থ তপন গগৈ যিদৰে ৰাজনীতিত আগুৱাই গ'ল সেইদৰে শংকৰ প্ৰসাদ ৰয় আগুৱাই যাব নোৱাৰিলে।

তপন গগৈ যদিও আছুৰ পৰা গৈ বিধায়ক, সাংসদ পৰ্যন্ত হ'ল শংকৰ প্ৰসাদ ৰয়ে কিন্তু ইপ্সিত লক্ষ্যত আজিলৈকে উপনীত নহ'ল। সেয়ে তেওঁ এতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

শংকৰ প্ৰসাদ ৰয়ৰ লগতে ছিপাঝাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ ২০২১ ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কুলদীপ বৰুৱায়ো কংগ্ৰেছ ত্যাগ কৰিব বুলি জানিব পৰা গৈছে। তেওঁ কংগ্ৰেছ ত্যাগ কৰি শংকৰ প্ৰসাদ ৰয়ৰ সৈতে বিজেপিত চামিল হ'ব। ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰাক মুহূৰ্তত অহা এই খবৰ নিশ্চয়কৈ কংগ্ৰেছ শিবিৰৰ বাবে হ'ব দুঃচিন্তাৰ কাৰণ।