চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ ব্ৰাউন চুগাৰ, নগদ ধনসহ ৩ জনক গ্ৰেপ্তাৰ... 
গুৱাহাটী

চানমাৰি আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীঃ ব্ৰাউন চুগাৰ, নগদ ধনসহ ৩ জনক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে মহানগৰীৰ চানমাৰি আৰক্ষীয়ে অনুৰাধা চিনেমা হলৰ কাষত অভিযান চলাই এই সফলতা লাভ কৰিছে।

আৰক্ষীয়ে অভিযানত ব্ৰাউন চুগাৰৰ লগতে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন। ৫০০, ২০০, ১০০, ৫০ আৰু ১০ টকীয়া এই নোটখিনিৰ সৰ্বমুঠ পৰিমাণ হৈছে ৩ লাখা ৩০ হাজাৰ ৫৫০ টকা।

আনহাতে আৰক্ষীয়ে এই নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ অপৰাধাত গ্ৰেপ্তাৰ কৰিছে তিনিজনকৈ লোকক।