গুৱাহাটী

'জলবায়ু পৰিবৰ্তন আৰু লিংগ বিষয়ক সংবাদ পৰিবেশন' শীৰ্ষক প্ৰশিক্ষণ সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : অসম মহিলা সাংবাদিক মঞ্চই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহযোগত বৃহস্পতিবাৰে ‘জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক সংবাদ পৰিবেশন ' শীৰ্ষক প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰে। শেহতীয়াভাবে জলবায়ু পৰিৱৰ্তনে দেশৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু অসম পৰিৱৰ্তিত জলবায়ু আৰু বতৰৰ পৰিস্থিতিৰ ফলত গুৰুতৰ ক্ষতিৰ সন্মূখীন হৈছে। সঘনাই হোৱা বান আৰু ভূমিকম্পৰ ফলত মানুহৰ জীৱন আৰু জীৱিকাত ব্যাপক প্ৰভাৱ পৰিছে।

এনে পৰিস্থিতিত জলবায়ু পৰিৱৰ্তন আৰু লিংগ বিষয়ক সংবাদ পৰিবেশনৰ বাবে কিছুমান বিশেষ দক্ষতা আৰু জ্ঞানৰ প্ৰয়োজন হয় । যিবোৰ সমল ব্যক্তিৰ লগতে অসম মহিলা সাংবাদিক মঞ্চৰ সকলো সদস্যই অধিবেশনৰ সময়ত আলোকপাত কৰে।

প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভণিতে বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ভাৰতী ভৰালীয়ে সমল ব্যক্তিসকলক আদৰণি জনাই মঞ্চৰ এই পদক্ষেপক প্ৰশংসা কৰে। বিভাগটোৰ শেহতীয়া কাৰ্যসূচীসমূহৰ প্ৰতিও তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। মঞ্চৰ সভাপতি তথা পি টি আই ব্যুৰো চীফ দুৰ্বা ঘোষে নতুনকৈ গঠন হোৱা অসম মহিলা সাংবাদিক মঞ্চৰ বিষয়ে এটা পৰিচয়মূলক টোকা দাঙি ধৰে।

তেওঁ সাংবাদিকতাৰ সূদীৰ্ঘ বছৰৰ পাছতো অসমৰ মূলসুঁতিৰ সংবাদ মাধ্যমত মহিলা সম্পাদক নথকাত আক্ষেপ কৰে। লগতে এই পৰিবেশ অনাগত ১০ বছৰত সলনি হোৱাৰ আশা ব্যক্ত কৰে।

প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ফেকাল্টি অব আৰ্টছৰ ডীন জয়ন্তকৃষ্ণ শৰ্মা আৰু বিশ্ববিদ্যালয় শ্ৰেণীসমূহৰ সম্পাদক ধ্ৰুবজ্যোতি চহৰীয়াই বহুমূলীয়া বক্তব্য আগবঢ়ায়। জলবায়ু পৰিৱৰ্তনে স্থানীয় লোকসকলৰ জীৱনত পোলোৱা প্ৰভাৱ আৰু মোকাবিলাৰ বিষয়ে আলোকপাত কৰে সমল ব্যক্তিসকলে।

জ্যেষ্ঠ সাংবাদিক মুবীনা আখতাৰ আৰু ৰত্না ভৰালী তালুকদাৰে সাংবাদিকতাৰ কিছু তথ্য উদাহৰণসহ দাঙি ধৰে। জলবায়ু পৰিৱৰ্তনে অসমৰ মুগা শিল্পৰ প্ৰতি কঢ়িওৱা ভাবুকিৰ বিষয়ে উল্লেখ কৰে মুবীনা আখতাৰে।

গ্ৰামাঞ্চলত জলবায়ু পৰিৱৰ্তনে জীৱিকাৰ প্ৰতি কঢ়িওৱা ভাবুকিৰ প্ৰসংগ উল্লেখ কৰি ৰত্না ভৰালী তালুকদাৰে বক্তব্য দাঙি ধৰে। মঞ্চৰ উপ সভাপতি চেমিম চুলতানা আহমেদে কৰ্মক্ষেত্ৰত মহিলাসকল সম মজুৰিৰ পৰা বঞ্চিত হোৱাৰ প্ৰসংগ উল্লেখ কৰাৰ লগতে লিংগ সংবেদনশীল বিষয়ক বাতৰি প্ৰকাশক অগ্ৰাধিকাৰ প্ৰদানৰ বিষয়ত আলোকপাত কৰে।

সাংবাদিক অংগনা চক্রবর্তীয়ে 'দহনৰ অসমতা'ৰ ওপৰত আলোকপাত কৰে। তেওঁ জলবায়ু পৰিৱর্তনে বিপদমুখৰ জনসমষ্টিৰ মহিলাসকলক অসমানুপাতিকভাৱে কৰা ক্ষতিসাধন আৰু মহিলাসকলে কৰা মোকাবিলাৰ বিষয়ে কয়।

এই ক্ষেত্রত সাংবাদিক চক্রৱর্তীয়ে গ্রাম্য আৰু নগৰীয়া প্রেক্ষাপটত এনে ধৰণৰ বাতৰি পৰিবেশনৰ বিভিন্ন পন্থাৰ ওপৰত আলোকপাত কৰিবলৈ দুটা লেখনিও উপস্থাপন কৰে। আন এগৰাকী সাংবাদিক চন্দ্রানী সিনহাই বিশ্বৰ প্ৰেক্ষাপটত স্থানীয় বাতৰিৰ বিষয়ে কয় আৰু জলবায়ু পৰিবৰ্তনৰ কুপ্ৰভাৱৰ মোকাবিলাৰ বাবে প্রস্তুতি আদিৰ কথা উল্লেখ কৰে। শেহতীয়া বাংলাদেশৰ উদাহৰণ দাঙি ধৰি তেওঁ ৰাজনৈতিক অস্থিৰতাৰ ফলত জলবায়ু পৰিৱর্তনৰ বিত্তীয় পৃষ্ঠপোষকতাত উদ্ভৱ হ'ব পৰা জটিলতাৰ বিষয়ে কয়।

আজি এ ডব্লিউ জে এফে গ্রহণ কৰা পদক্ষেপৰ লক্ষ্য হৈছে শ্রেণীকোঠা আৰু বাতৰি প্ৰস্তুতৰ মাজত থকা ব্যৱধান আঁতৰৰ এক প্রয়াস যাতে ছাত্র-ছাত্রীসকলে আধুনিক সাংবাদিকতাৰ প্রত্যাহ্বানসমূহ অধিক দক্ষতাৰে গ্রহণ কৰিব পাৰে। আজি প্রশিক্ষণৰ সমল ব্যক্তিসকল হৈছে মূলতঃ উত্তৰ-পূর্বাঞ্চলৰ জৈৱ বৈচিত্র্য, বতৰ পৰিৱৰ্তন, লিংগ বৈষম্য, বন্যপ্রাণী, জলবায়ু পৰিৱৰ্তন আদিৰ বিষয়ে বিগত সুদীর্ঘ বছৰ ধৰি সংবাদ পৰিবেশনৰ অভিজ্ঞতাপুষ্ট তথা বঁটাপ্রাপক সাংবাদিক।

তেওঁলোক হৈছে পিটিআইৰ ব্যুৰ' চীফ দুর্বা ঘোষ, 'দৈনিক অগ্রদূত' কাকতৰ বার্তা সম্পাদক চেমিম চুলতানা আহমেদ, জ্যেষ্ঠ সাংবাদিক মুবিনা আখতাৰ, ৰত্না ভৰালী তালুকদাৰ, চন্দ্রানী সিনহা আৰু অংগনা চক্ৰৱৰ্তী। উল্লেখ্য যে অসম মহিলা সাংবাদিক মঞ্চ হৈছে ৰাজ্যৰ মহিলা সাংবাদিকসকলৰ এক নেটৱর্ক যিয়ে সংবাদ মাধ্যমত নতুনকৈ প্ৰৱেশ কৰা সকলৰ পেছাদাৰী বিকাশৰ লগতে দক্ষতা বৃদ্ধিৰ প্রয়াস কৰে।

ইয়াৰোপৰি এ ডব্লিউ জে এফৰ বিভিন্ন উদ্দেশ্যৰ ভিতৰত আছে বিভিন্ন মাছ কমিউনিকেচন বিভাগৰ স'তে সমন্বয় ৰক্ষা কৰি বিদ্যায়তনিক ক্ষেত্র আৰু সংবাদ প্রতিষ্ঠান আদিৰ মাজত থকা ব্যৱধান হ্ৰাসৰ বাবে তথা সংবাদ মাধ্যমৰ ছাত্র-ছাত্রীসকলৰ দক্ষতা বিকাশৰ বাবে কার্যসূচী গ্রহণ কৰা আদি।